
বৃহস্পতিবাৰে পুৱতি নিশা বিজুলী ঢেৰেকণিৰ সৈতে হোৱা প্ৰৱল বৰষুণ (Heavy rains)ৰ ফলত বৃহস্পতি বাৰে দিনৰ ১২ বজালৈকে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফু (Diphu City)ৰ কেইবাটাও ঠাইত কৃত্ৰিম বানৰ সৃষ্টি (Creation of artificial floods) হয় ৷ বিশেষকৈ সদৰ চহৰখনৰ ৰংথিয়াং (বি), তাৰালাংচ, ৰংনিহান, বিৰলা, শান্তিপাৰা আৰু ঝিলপাৰ,পানবাৰীৰ লগতে ধৰমনালাৰ চন্দ্ৰছিং টেৰণ হাইস্কুলতো পানী প্ৰৱেশ কৰি কৃত্ৰিম বানৰ সৃষ্টি কৰে৷

চন্দ্ৰছিং টেৰণ হাই স্কুলৰ প্ৰতিটো শ্ৰেণীকোঠা আৰু প্ৰধান শিক্ষয়িত্ৰীৰ কোঠাতো পানী প্ৰৱেশ কৰাত পাঠদান ব্যাহত হয়৷ বৰষুণৰ পানীৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান মানুহৰ বাসগৃহত প্ৰৱেশ কৰি আৱাসিক সকলৰ মাজত অসুবিধাৰ সৃষ্টি কৰে বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে, ১৯, ২৩ আৰু ২০ আগষ্টতো কৃত্ৰিম বানে এলেকাকেইটাত একে অৱস্থাৰ সৃষ্টি হৈছিল৷













