
মঙলবাৰে পুৱা ১১ মান বজাত লাহৰিজান (Lahorijan) ইউৱা সংস্থা ক্লাব প্রাঙ্গনত কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া (Sanjeev Kumar Saikia, S.P.)ৰ উপস্থিতিত খটখটী আৰক্ষী (Khatkhati Police), খটখটী নাগৰিক, জাতীয় দল-সংগঠন আৰু মহিলা সমিতিৰ গাওঁৰক্ষী বাহিনী বিষয়ববীয়াসকলৰ সহযোগত এক গুৰুত্বপূৰ্ণ নাগৰিক সভা (Civic meetings held) অনুষ্ঠিত হৈ যায়৷ খটখটী থানা উপদেষ্টা সমিতিৰ সভাপতি সুৰেশ কুমাৰ সিঙৰ পৌৰুহিত্যত অনুষ্ঠিত হোৱা সভাখনত বিগত কিছুদিনৰ পৰা ৰাজ্যখনৰ ঠায়ে ঠায়ে শান্তি-শৃংখলা ব্যাহত হোৱাৰ লগতে বর্তমানৰ পৰিস্থিতি সন্দর্ভত উদ্বিগ্নতা প্রকাশ কৰি সকলোৱে মিলা-প্ৰিতিৰে কেনেকৈ পূৰ্বৰ পৰিস্থিতি ঘূৰাই আনিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয়।

সভাত কাৰ্বি আংলং আৰক্ষী অধিক্ষক সঞ্জীব শইকীয়াই বিস্তৃত ব্যাখ্যা আগবঢ়োৱাৰ লগতে সমাজত শান্তি-শৃংখলা বজাই ৰখাত সকলোৰে সহায়-সহযোগিতা কামনা কৰে। লগতে সকলো দল-সংগঠনে সমাজত সজাগতা সৃষ্টিৰে আৰু শান্তি-শৃংখলা বজাই ৰখাৰ স্বার্থত একতাৰে কাম কৰি সমাজ আগুৱাই লৈ যোৱাৰ ওপৰতো মন্তব্য কৰে৷ তদুপৰি লাহৰিজান এলেকাত বিভিন্ন অসামাজিক কাৰ্যকলাপৰ লগতে মাৰাত্মক ড্ৰাগছ ৰোধ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়৷












