ASSAM TIMES POST
অহা বছৰৰ পৰা “সমন্বয়ৰ দিন” ৰূপে উদযাপনৰ সিদ্ধান্ত
জয়ছিং টক‘বি
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ ৰূপকাৰ, প্রথিতযশা সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাঙৰ ৮৪ সংখ্যক জন্মদিন কালি ১৩ জানুৱাৰীৰ দিনাখন সাহিত্যিক গৰাকীৰ ডিফুৰ নিজ বাসভৱন “হিলছ ভিউ কটেজ”ত অজস্ৰ গুণমুগ্ধই অভিনন্দন জ্ঞাপন কৰি জন্মদিনৰ উষ্ণ শুভেচ্ছা জ্ঞাপন কৰে।

পূৱা প্রায় ১০.৩০ বজাৰ পৰা ডিফু সাহিত্য সভা, অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয়, কাৰবি আংলং জিলা সাহিত্য সভা, ডিফু লেখিকা সমাৰোহ, কাৰবি আংলং জিলা মহিলা সমিতি, কাৰবি আংলং জিলা কবি সন্মিলন, কাৰবি আংলং জেষ্ঠ নাগৰিক সমাজ, বাংলা সাহিত্য, কলা ও সাংস্কৃতিক পৰিষদ, মেজাংকৰী গোষ্ঠী আৰু বিভিন্ন সামাজিক সাংস্কৃতিক দল সংগঠনৰ পুৰুষ মহিলা, আবাল বৃদ্ধ বণিতা, যুৱক যুৱতী আৰু কণ কণ শিশুসকলে স্বনামধন্য সাহিত্যিক গৰাকীক ফুলাম গামোচা, কাৰবি পহ’, ডিমাছা ৰিছা, ফুলৰ থোপা আৰু বিভিন্ন উপহাৰেৰে ৮৪ সংখ্যক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

বালিমাহী কবিখ্যাত বিশিষ্ট কবি ধনেশ্বৰ ইংতি, জেষ্ঠ সাংবাদিক নগেন বৰা, জেষ্ঠ কবি পাৰি ৰংপি, ভৱপ্রসাদ দেউৰী, ৰাণু শইকীয়া ক্রপী, কামিনী বড়ো, ৰবীন চন্দ্ৰ বেজবৰুৱা আদিয়ে যশস্বী সাহিত্যিক গৰাকীক লৈ ৰচিত কবিতা পাঠ কৰে। ইয়াৰ ওপৰিও কেইবাগৰাকী কণ কণ শিশু শিল্পী সকলেও সুন্দৰ সুন্দৰ কবিতা আবৃত্তি আৰু গীত পৰিৱেশন কৰাৰ লগতে জেষ্ঠ শিল্পী পুতু দেৱী আৰু ৰুবুল শর্মাই সুন্দৰ গীত পৰিৱেশন কৰে।

অসম সাহিত্য সভাৰ মাতৃভাষা আৰু ৰাজ্যিক ভাষা প্রয়োগ উপ সমিতিৰ আহ্বায়ক দেবেন কাকতি আৰু অসম সাহিত্য সভাৰ ৰাংছিনা ভৱনৰ আঞ্চলিক সম্পাদকৰ প্ৰস্তাৱ মর্মে অহা বছৰৰ পৰা পাহাৰ ভৈয়ামৰ সমন্বয়ৰ ৰূপকাৰ পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্মদিনটো সমন্বয়ৰ দিনৰূপে উদযাপন কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।













