ASSAM TIMES POST
ডিফুঃ কাৰবি আংলং জিলাৰ ডকমকাত অস্ত্ৰ-শস্ত্ৰ সহ এজন দূৰ্ধৰ্ষ পিডিচিকে কেডাৰ আটক হোৱা আৰু সংঘটনটোৰ এটা পৰিত্যক্ত শিৱিৰ উৎখাত কৰা ঘটনাত জিলা খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী স্বাক্ষৰিত এক প্ৰেছ বিবৃতি যোগে জানিব দিয়া অনুসৰি যোৱা ১৩ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈকে কাৰবি আৰক্ষীৰ এটা অভিযানকাৰী দলে চলোৱা অভিযানৰ ফলত অস্ত্ৰ-শস্ত্ৰ সহ উগ্ৰপন্থী সদস্যজনক আটক কৰিবলৈ সক্ষম হয় ৷ অভিযানকাৰী দলটোৱে আজি পুৱা ৫-৩০ মান বজাত প্ৰথমতে ডকমকা থানা এলেকাৰ দুই কিল’মিটাৰ নিলগৰ চমপ্লাৰ গাঁৱৰ ঘন অৰণ্যত উগ্ৰপন্থী সংগঠনটোৰ এটা পৰিত্যক্ত শিৱিৰ প্ৰত্যক্ষ কৰি শিৱিৰটো উৎখাত কৰে ৷

পৰৱৰ্তী সময়ত গাওঁবাসীৰ সহযোগত উগ্ৰপন্থী সংগঠনটোৰ অস্ত্ৰ-শস্ত্ৰ সহ এজন কেডাৰ আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত কেডাৰজন ডকমকা থানা এলেকাৰ ভেলুঘাট বিখই বে’ গাঁৱৰ ৰাম ৰংহাঙৰ পুত্ৰ ৰুস্তম ৰংহাঙ ওৰফে বিৰলং বে’ (১৮)বুলি চিনাক্ত কৰা হৈছে ৷ ধৃত কেডাৰজনৰ কৱলৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে ১টা একে ৪৭ ৰাইফল, ১ টা মেগাজিন, ৬৬ জাঁই সজীৱ গুলী , পিডিচিকে কেডাৰ নিযুক্তিৰ প্ৰমাণ পত্ৰ আৰু একে মেগাজিনৰ প’ছ এটা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জিলা আৰক্ষীৰ বিবৃতিটোত প্ৰকাশ ৷












