
বিগত লোকসভা নিৰ্বাচনত অসম (Assam)ৰ পৰা খালী হোৱা ৰাজ্যসভাৰ দুখন আসন (Two seats in the Rajya Sabha)ৰ বাবে আজি বিজেপিৰ দুই প্ৰাৰ্থীয়ে মনোনয়ন দাখিল (Two BJP candidates filed their nominations) কৰে। বিজেপিৰ প্ৰার্থী হিচাপে ৰামেশ্বৰ তেলী (Rameshwar Teli) আৰু মিছন ৰঞ্জন দাসে (Mission Ranjan Das) বুধবাৰে মনোনয়ন দাখিল কৰে। কিন্তু মনোনয়ন দাখিলৰ আজিৰ অন্তিম দিনটোত বিৰোধীৰ পৰা কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা নাই। ফলত ৰাজ্যসভাৰ এই দুখন আসন বিজেপিয়ে লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত। মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থী দুগৰাকীৰ সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা।

উল্লেখ্য যে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত ডিব্ৰুগড় আৰু কাজিৰঙা লোকসভা সমষ্টিৰ পৰা দুগৰাকী ৰাজ্যসভাৰ সাংসদে জয়লাভ কৰাত অসমৰ এই আসন দুখন খালী হৈছিল। তেওঁলোক হৈছে কামাখ্যা প্ৰসাদ তাছা আৰু সৰ্বানন্দ সোণোৱাল।
উল্লেখ্য যে ৰামেশ্বৰ তেলীয়ে দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ উপৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
আনহাতে কৰিমগঞ্জ (উত্তৰ) সমষ্টিৰ চাৰিবাৰৰ বিধায়ক হৈছে মিছন ৰঞ্জন দাস৷ তেওঁ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষও আছিল৷












