
অসমৰ বান পৰিস্থিতি (Flood situation in Assam) অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কোনো প্ৰতিনিধিয়ে অসম ভ্ৰমণ নকৰা বুলি বিৰোধীয়ে বাৰম্বাৰ অভিযোগ কৰি আহিছে। আনহাতে, প্ৰধানমন্ত্ৰী তথা গৃহ মন্ত্ৰীৰ অসমৰ বান পৰিস্থিতিক লৈ কোনোধৰণৰ গুৰুত্ব নাই বুলিও অভিযোগ উত্থাপিত হৈ আহিছে। তাৰ মাজতে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ (Meet Prime Minister Narendra Modi) কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই৷

সোমবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাতকালত ৰাজ্যখনৰ অন্য বিষয়ৰ উপৰি সাম্প্ৰতিক বান পৰিস্থিতি সম্পৰ্কেও মুখ্যমন্ত্ৰীয়ে অৱগত কৰায়৷এই বিষয়ে নিজৰ সামাজিক মাধ্যমত তেওঁ লিখিছে, “আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ আশিস আৰু মার্গ দর্শন লাভৰ উদ্দেশ্যৰে তেওঁক সাক্ষাৎ কৰি ধন্য হ’লোঁ৷ তেওঁক সাক্ষাৎ কৰি অসমৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰাও।” উল্লেখ্য যে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে দেওবাৰে দিল্লীলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ জানিব পৰা মতে, তেওঁ গৃহ মন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰি এন আৰ চি প্ৰসংগত আলোচনা কৰিব৷













