
অসম সাহিত্য সভাই প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে প্ৰদান কৰা জয়ছিং হাঞ্চে বঁটা (Joysing Hanse Award) আজি ডিফুৰ ৰাংছিনা ভৱন (Diphu’s Rangsina Bhavan)ত হোৱা এক বৰ্ণাঢ্য অনুষ্ঠানত লেখক-সাংবাদিক পবিত্ৰ বৰাক প্ৰদান কৰে৷ জয়ছিং হাঞ্চে বঁটাত আছে প্ৰশস্তি পত্ৰ, পিতলৰ জাঁপি, কিতাপৰ টোপোলা, ছ’ল, নগদ ধন আৰু এখন স্মাৰক ৷

অসম সাহিত্য সভাৰ সভাপতি সূৰ্য্যকান্ত হাজৰিকা (President Suryakant Hazarika)ৰ সভাপতিত্ব অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং, বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু, পদ্মশ্ৰী ধনেশ্বৰ ইংতি, কাৰবি সাহিত্য সভাৰ সভাপতি কামছিং হাঞ্চে, সভাৰ উপ-সভাপতি ড° গীৰিশ সন্দিকৈ, ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং, বিশিষ্ট কবি তথা জয়ছিং হাঞ্চেৰ পুত্ৰ চাৰএৎ হাঞ্চে প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য-সংস্কৃতিৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত বঁটা গ্ৰহণ কৰি লেখক-সাংবাদিক পবিত্ৰ বৰাই তেওঁ কৰা কামৰ স্বীকৃতি অসম সাহিত্য সভাই দিয়াৰ বাবে আজীৱন সাহিত্য সভাৰ ওচৰত কৃতজ্ঞ বুলি কয় ৷

অসুস্থ দেহাৰেই সমগ্ৰ অনুষ্ঠানটোত উপস্থিত থাকি প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে কয় যে মান্দুকিমি নামৰ সৰু ঘৰটোত থাকি ছামচিং হাঞ্চেই সাহিত্য-সাংস্কৃতিৰ চৰ্চা কৰিছিল৷ তেওঁ কাৰবি সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰা অনাকাৰবি লোকক এক স্বীকৃতি দিয়াৰ বাবে দেউতাক তথা মোৰ শহুৰ দেউতা জয়ছিং হাঞ্চেৰ নামত এই বঁটা দিছিল৷ আজি এই বঁটা আমাৰ ছাত্ৰ পবিত্ৰক দিয়াত মই সুখী হৈছো৷ পবিত্ৰই বহুত কাম কৰিছে৷

বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয় যে, মই আজি অনিমন্ত্ৰিতভাৱে ইয়ালৈ পৰিয়ালসহ আহিছো৷ কাৰণ আজি ডিফুত এখন গুৰুত্বপূৰ্ণ সভা হ’ব আৰু এজন গুৰুত্বপূৰ্ণ ব্যক্তিক এটা বঁটা প্ৰদান কৰা হ’ব৷ পবিত্ৰ মোৰ বন্ধু আৰু জয়ছিং হাঞ্চেৰ তিনিওজন পুত্ৰৰ লগত আছে মোৰ এক সুহৃদ সম্পৰ্ক৷ আনহাতে উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি জয়ছিং হাঞ্চে স্মাৰক বঁটা গ্ৰন্থ আৰু অসম সাহিত্য সভাৰ মাহেকীয়া সংবাদ পত্ৰৰো শুভ উন্মোচন কৰা হয়৷












