
অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ডিফুৰ ৰাংছিনা ভৱন (Diphu’s Rangsina Bhavan)ত আজি এখন গ্ৰন্থ উন্মোচনী সভা (Book Launch Meeting) অনুষ্ঠিত হৈ যায়৷ বিশিষ্ট নিৱন্ধকাৰ, লেখক, সাহিত্যিক ভৱ প্ৰসাদ দেউৰীয়ে আঁত ধৰা সভাখন আছিল ডিফুবাসীৰ বাবে এক ব্যতিক্ৰমী গ্ৰন্থ উন্মোচনী সভা৷ কাৰণ ডিফুৰ জীৱন বীমা নিগমত অধিকৰ্তা হিছাপে কৰ্ম সম্পাদন কৰি থকা বিনয় চন্দ্ৰ মহন্ত (Binoy Chandra Mahanta), পত্নী মুনমালা মহন্ত আৰু তেওঁলোকৰ একমাত্ৰ জীয়ৰী উদেষ্ণা মহন্তৰ দ্বাৰা ৰচিত তিনিখন গ্ৰন্থ উন্মোচন (Three book releases) কৰা হয় ৷ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনত উন্মোচকৰূপে উপস্থিত থাকে ক্ৰমে, ভাৰতীয় জীৱন বীমা নিগমৰ ডিফু শাখাৰ পৰিচালক ৰতন দাস, বিশিষ্ট লেখক, সাহিত্যিক চিন্তাবিদ, সংকলক পৱিত্ৰ বৰা, ডিফু চৰকাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড: সুৰঞ্জনা হাষ্ণু৷ বিনয় মহন্তৰ গ্ৰন্থ চকুলো উন্মেচন কৰি ৰতন দাসে জীৱন বীমাৰ দৰে ব্যস্ততাৰে ভৰা কৰ্মৰ মাজতো মহন্তই কবিতা,সাহিত্যৰে জড়িত হৈ থকাটোৱে মোক আনন্দিত কৰিছে বুলি কয়৷

অতি বিনয়ী আৰু নিজ কৰ্মৰ প্ৰতি সচেতন মহন্তৰ এনে প্ৰয়াস সফল হোৱাৰ কামনা কৰে উন্মোচক দাসে৷ মুনমালা মহন্তৰ এমুঠি ৰ’দ কবিতা সংকলন উন্মোচন কৰে লেখক পৱিত্ৰ বৰাই৷ পৱিত্ৰ বৰাই মুনমালা মহন্তৰ বহু কেইটা কবিতাই তেওঁক আকৰ্ষিত কৰা বুলি উল্লেখ কৰি মুনমালা মহন্তৰ শব্দ ভাণ্ডাৰৰো প্ৰশংসা কৰে বৰাই৷ বৰাই অতি মনমোহা ভাষণত বিশ্বকবি ৰবিন্দ্ৰ ঠাকুৰৰ পৰা কবি হিৰেণ ভট্টাচাৰ্য, অজিত বৰুৱাকে ধৰি অসমীয়া ভাষাৰ কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মী নাথ বেজবৰুৱাৰ কথা উল্লেখ কৰি আধুনিক কবিতা আৰু বিশ্বৰ কবিতা সন্দৰ্ভত শ্ৰুতা সমাজৰ আগত ভাষণ প্ৰদান কৰে৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বি টেক পঢ়ি থকা উদেষ্ণা মহন্তৰ ৰহস্যধৰ্মী গ্ৰন্থ ক্ৰীমচন ফ্ৰষ্ট আনভেইলিং শ্বেড’জ গ্ৰন্থখন উন্মেচন কৰি ডঃ হাঞ্চুৱে এই কম বয়সত উদেষ্ণা মহন্তই ইংৰাজীক মাধ্যমৰূপে লৈ এনে প্ৰয়াসকৰাৰৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে ভৱিষ্যত উজ্জ্বল কামনা কৰে৷ সভাত তিনিওগৰাকী৷ লেখক সম্পৰ্কে সমজুৱাৰ একাষাৰত ডিফুৰ বহু বিশিষ্ট ব্যক্তিয়ে নিজৰ মত ব্যক্ত কৰে৷













