
কাৰ্বি আংলং জিলাত প্ৰাদুৰ্ভাৱ (Outbreak in Karbi Anglong district) ঘটা জাপানীজ এনকেফ্লাইটিছ (Japanese encephalitis) প্ৰতিৰোধৰ বাবে জিলা স্বাস্থ্য বিভাগৰ ফালৰ পৰা জিলাখনত সজাগতা সভা (Awareness meeting of district health department), আঠুৱা ঔষধিকৰণ, ধোঁৱা দিয়া আদিৰ লগতে মহে কণী পৰা স্থান ধ্বংস কৰা অভিযান অব্যাহত ৰাখিছে ৷

আজি সাংবাদিকৰ আগত এই কথা সদৰি কৰে জিলা স্বাস্থ্য বিষয়া ডা° ছেমছিং ছিংনাৰে৷ লগতে জিলাখনত জাপানীজ এনকেফ্লাইটিছ আক্ৰান্ত হোৱা মুঠ ছয়গৰাকীৰ দুগৰাকী ইতিমধ্যে সুস্থ হৈ উঠাৰ লগতে আন চাৰিগৰাকী বৰ্তমান ডিফু মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা বুলি সদৰি কৰে৷

ইয়াৰোপৰি তেওঁ মহে যাতে কামুৰিব নোৱাৰে তাৰ বাবে ৰাইজক সাৱধানতা অৱলম্বন কৰাৰ লগতে স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰদান কৰা জাপানীজ এনকেফ্লাইটিছৰ ভেকচিন বিশেষকৈ শিশুসকলক সময়মতে দিয়াবলৈকো ৰাইজৰ প্ৰতি আহ্বান জনায়৷













