
দিল্লী উচ্চ ন্যায়ালয়ত অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal)ৰ জামিনক লৈ চিবিআইক আক্ৰমণ অধিবক্তা অভিষেক মনু সিংভীৰ (Advocate Abhishek Manu Singhvi attacks CBI)। দিল্লী আদালতত তেওঁ কয় যে যিয়েই নহওক কেজৰিৱালক জে’লত ৰখাটোৱেই মূল উদ্দেশ্য।

বুধবাৰে আবকাৰী গোচৰত দিল্লী আদালতত কেজৰিৱালৰ শুনানি অনুষ্ঠিত হয়। তাত তেওঁ কয়, চিবিআইৰ হাতত কোনো প্ৰমাণ (Any evidence in the hands of CBI) নাই। কিন্তু তিহাৰ জে’লত বন্দী হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰী। দুটা তদন্তকাৰী সংস্থাই তেওঁক হাৰাশাস্তি কৰি আছে। কেজৰিৱালক বলপূৰ্বকভাৱে জে’লত ৰখা হৈছে য’ত দেশৰ উচ্চতম ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছে।
সিংভিয়ে লগতে কয় যে আদালতে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কেজৰিৱালক জামিন মঞ্জুৰ কৰিছিল। নিৰ্দিষ্ট দিনত তেওঁ পুনৰ আত্মসমৰ্পণ কৰিলে। কিন্তু এইবাৰ তেওঁৰ জামিনক লৈ কিয় চিন্তিত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা? যোৱাবাৰ কেজৰিৱালৰ জামিনক লৈ ইডিয়ে বিতৰ্ক কৰা নাছিল। কিন্তু এইবাৰ চিবিআই কিয় বাধা দিছে?











