
মঙলবাৰে দিনৰ প্ৰায় ২ বাজি ৩০ বজাত দুদিনযোৰা দুঃসাসিক অভিযানৰ অন্তত হোজাই, ডিমাপুৰৰ এছডিআৰএফ বাহিনী (SDRF force of Dimapur) আৰু ডিফু অগ্নিনিৰ্বাপন আৰু জৰুৰীকালীন সেৱাৰ লগতে মাঞ্জা আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হ’ল ডিমাপুৰৰ আওখিলবস্তিৰ ৩২ বছৰীয়া নগা যুৱক ছাৰ্প আওৰ মৃতদেহ (Body of Naga youth Sharp Ao)৷ উদ্ধাৰকাৰী দলে মৃতদেহটো দিনৰ চাৰে বাৰে বজাত লাংৱকু জলপ্ৰপাত (Langwaku Falls)টোৰ শিলৰ চেঁপাত প্ৰত্যক্ষ (Recovered from rock slabs) কৰে ৷ পিছত বহু চেষ্টাৰ পিছত চাৰে আঢ়ৈমান বজাত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে৷ মৃতদেহটো যাৱতীয় আইনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছত পৰিয়ালৰ লোকক চমজাই দিয়া হ’ব বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, যুৱকগৰাকীয়ে দুই বন্ধু চবিন আহমেদ আৰু প্রেম লিম্বুৰ সৈতে জলপ্রপাতৰ সৌন্দর্য উপভোগ কৰিবলৈ আহিছিল। দেওবাৰে বিয়লি ৩.৪০ বজাত যুবকগৰাকী জলপ্রপাতৰ ওপৰৰ পৰা পিচলি পানীত পৰি সন্ধানহীন হৈ পৰে। উক্ত কথা অৱগত হোৱাৰ লগে লগে জলপ্রপাত কমিটিৰ সদস্যই যুবকগৰাকীৰ সন্ধানত নামি পৰাৰ লগতে মাঞ্জা আৰক্ষীক ঘটনা সম্পর্কে অৱগত কৰে৷ আৰক্ষী আৰু স্থানীয় লোকে কিছু সময় যুৱকগৰাকীৰ সন্ধানত অভিযান চলাই যদিও সন্ধিয়া হৈ পৰাত অভিযান বন্ধ কৰিবলৈ বাধ্য হয়।

সোমবাৰে জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনৰ উদ্যোগত এছডিআৰএফে অভিযান চলাই যদিও যুবকগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল। দুপৰীয়া ভাগত নগালেণ্ডৰ পৰাও ৰাজ্যিক দুর্যোগ প্রশমন বিভাগৰ দল আহি অভিযান চলাই যদিও যুৱকগৰাকীৰ সন্ধান ওলোৱাত ব্যর্থ হয়। সন্ধিয়া হোৱাৰ বাবে অভিযান বন্ধ ৰাখি পুনৰ আজি অভিযান চলাই ম়তদেহটি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ইয়ান পূর্বেও এগৰাকী যুবক জলপ্রপাতটোৰ পৰা পৰি মৃত্যুমুখত পৰিছিল ৷












