![]()
দেওবাৰ বিয়লি তিনি বাজি ৪০ মিনিটত কাৰবি আংলং জিলাৰ (Karbi Anglong) মাঞ্জাৰ সমীপৰ লাংৱকু জলপ্ৰপাতৰ পানীত পিচলি পৰি ডিমাপুৰৰ এগৰাকী যুৱক সন্ধানহীন হয় ৷ যুৱক গৰাকী ডিমাপুৰ আও খিল বস্তিৰ ৩২ বছৰীয়া ছাৰ্প আও বুলি জানিব পৰা গৈছে ৷

তেওঁ দুই বন্ধু ছবিন আহেমদ আৰু প্ৰেম লিম্বুৰ সৈতে লাংৱকু জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছিল বুলি জানিব পৰা গৈছে ৷নিশা হোৱাত কাইলৈহে যুৱক গৰাকীৰ সন্ধানত চলিব অভিযান ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ বিষয়ে এছ ডি আৰ এফক অৱগত কৰিছে ৷













