
পঞ্চায়ত নিৰ্বাচন (Panchayat elections)ক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক আৰু ৰাজনৈতিক হিংসাৰ বাবে অগ্নিগৰ্ভা ত্ৰিপুৰা (Clashes in Tripura)। বিগত ২৪ ঘণ্টাত উত্তৰ-পূবৰ ৰাজ্যখনত একাধিক আক্ৰমণ, লুণ্ঠন আৰু অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা অশান্তি শনিবাৰেও অব্যাহত থাকে।

শুকুৰবাৰে বিয়লি ধলাই জিলাৰ গণ্ডাচৰা মহকুমাত দুষ্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা যুৱকৰ মৃত্যু (Youth dies)ৰ পিছতে উত্তেজনাৰ সৃষ্টি হয়। কেইবাটাও ঘৰ ভাঙি লণ্ডভণ্ড, লুটপাত আৰু অগ্নিসংযোগ কৰা হয়। পৰিস্থিতি চম্ভালি থকাৰ সময়তে আৰক্ষী আৰু বি এছ এফৰ আক্ৰমণ হয়। এই আক্ৰমণত কেইবাজনো লোক আহত হয়। বিৰোধীয়ে অভিযোগ উত্থাপন কৰে যে মুখ্যমন্ত্ৰী মাণিক সাহাৰ প্ৰশাসন হিংসা ৰোধৰ ক্ষেত্ৰত সক্ৰিয় নহয়।
আনহাতে, আগন্তুক ত্ৰিষ্টাৰ পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ মাজত আক্ৰমণ, প্ৰতি আক্ৰমণেৰে পশ্চিম ত্ৰিপুৰা জিলাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। অহা ৮ আগষ্টত জিলাখনৰ পাঁচটা ব্লকত অনুষ্ঠিত হ’ব ত্ৰিষ্টাৰ পঞ্চায়ত নিৰ্বাচন। ৰাজনগৰ আৰু বিশালগড়ৰ বিজেপি কৰ্মীসকলে বিৰোধী বাওঁ-কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক মনোনয়ন দাখিল কৰাত বাধা দিয়াৰ অভিযোগ। উক্ত ঘটনাৰ বাবেই সংঘৰ্ষৰ সৃষ্টি হয়।













