
ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত ছিকিম। বিগত কিছুদিন ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হৈ আহিছে। ঠায়ে ঠায়ে ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে। উত্তৰ ছিকিমত এই পৰিস্থিতি অধিক ভয়াৱহ (North Sikkim natural Calamities)। বহু ঠাইত ভূমিস্খলন হৈছে। তাৰে বলি হৈছে এখন যাত্ৰীবাহী গাড়ী। এই ঘটনাত এজনৰ মৃত্যু হোৱাৰ উপৰি আহত হয় কেইবাজনো লোক।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, উত্তৰ ছিকিমৰ সিংথামত এখন যাত্ৰীবাহী গাড়ী (Passenger cars) ভূমিস্খলনৰ ফলত (due to landslide) পাহাৰৰ পৰা নামি অহা শিলে হেঁচা মাৰি ধৰে (rock grips)। লিংগীৰ পৰা সিংথাম অভিমুখে গৈছিল গাড়ীখন। মাখা চিংবেলৰ সমীপত পাহাৰৰ পৰা পথলৈ ভূমিস্খলন হৈ শিল বাগৰি পৰে। সেই সময়ত গাড়ীখন সেই ৰাস্তাৰে গৈ আছিল। গাড়ীখনৰ ওপৰতে এটা প্ৰকাণ্ড শিল পৰি যোৱাৰ ফলত গাড়ীৰ এটা অংশ চেপেটা হৈ পৰে। গাড়ীৰ ভিতৰতে মৃত্যু হয় ৪০ বছৰীয়া এগৰাকী মহিলাৰ (A 40-year-old woman dies)। আন কেইবাজনো লোক আহত (Several people were injured) হয়। তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।













