![]()
বৰবিহ সদৃশ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলোৱা ড্ৰাগছ মাফিয়াসকলে কাৰবি আংলং (Karbi Anglong) জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটী, বোকাজান, লাহৰিজান বৰপথাৰ পথক নিৰাপদ ক’ৰিডৰ হিছাপে ব্যৱহাৰ কৰি আহিছে যদিও সেই স্থানসমূহত আৰক্ষী নিশ্চিদ্ৰ তালাচী চলাই থকাৰ বাবে এইবাৰ সৰবৰাহৰ পথ সলাইছে সৰবৰাহকাৰীয়ে৷ কেৱল পথেই নহয় সময় সূচী সলনি কৰি অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰি-ডিফু পথেৰে ড্ৰাগছৰ সৰবৰাহ (Drug trafficking through Dhansiri-Diphu route) কৰাৰ অপচেষ্টা অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰীসকলে ৷
মঙলবাৰে নিশা ধনশিৰি এক নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত কুমাৰ বৰুৱাৰ (অপৰাধ)ৰ নেতৃত্বত আৰু ধনশিৰি আৰক্ষী চকী ষ্টাফৰ সহযোগত মঙলবাৰে নিশা প্ৰায় চাৰে ১২ মান বজাত ধনশিৰি আৰক্ষীৰ বিশেষ নাকা তালাচী স্থাপন কৰি ধনশিৰিত প্ৰায় ১২ কোটি টকাৰ নিচাযুক্ত দ্ৰব্যসহ (Seizure of narcotics) দুই সৰবৰাহকাৰীক আটক (Two traffickers arrested) কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

ধনশিৰিত আৰক্ষী নাকা পইণ্টত তালাচীকালত ডিমাপুৰৰ পৰা ডিফু অভিমুখে আহি থকা এখন আই ২০ বাহনৰ পৰা ৫৮ টা চাবোনৰ বাকচত ৬৮৫:৬৫ গ্ৰাম হেৰ’ইন আৰু ২৯৪০০ টা যাবা টেবলেট উদ্ধাৰ (Recovery of heroin and Yaba tablets) কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ নিচাযুক্ত দ্ৰব্যসমূহ সৰবৰাহৰ লগত জড়িত মণিপুৰ থৌবাল জিলাৰ লিলঙৰ বাসিন্দা ওৱাচিম আক্ৰম (২১) আৰু মনজুৰ আলম (২০) ক আটক কৰে আৰক্ষীয়ে৷ এই সন্দৰ্ভত আৰক্ষীয়ে ডিফু থানাত এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে৷













