ASSAM TIMES POST
নিউজ ডেক্সঃ অহা ১৩ জানুৱাৰীত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী বঁটা প্ৰাপক ৰংবং তেৰাঙৰ ৮৪ সংখ্যক জন্মদিন৷ বিগত বছৰৰ দৰে এইবাৰো ডিফু সাহিত্য সভাই বিশিষ্ট সাহিত্যিকজনৰ জন্মদিনটো উদ্যাপন কৰিব৷
সেই দিনা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ বিশিষ্ট সাহিত্যিকজনৰ বাসগৃহত সেইদিনা দিনৰ ১০ বজাত জন্মদিনৰ শুভেচ্ছা জনাব৷ ডিফু সাহিত্য সভাৰ সম্পাদক ডাঃ ব্ৰহ্মানন্দ বৰাই এই কথা প্ৰকাশ কৰিছে৷










