ASSAM TIMES POST
নিউজ ডোক্সঃ দেশৰ অৰ্থনেতিৰ অৱস্থা বেয়া৷ বিক্ৰী বা বন্ধ হৈছে একাধিক উদ্যোগ৷ এনে সময়ত ‘আচ্ছে দিন’ বুলি কৈ আছে বিজেপিয়ে৷ কাৰণ সম্প্ৰতি নিৰ্বাচনী আয়ুক্তক দিয়া বাৰ্ষিক আয় ব্যয়ৰ প্ৰতিবেদনত জানিব পৰা গৈছে যে ২০১৮-১৯ বিত্তীয় বৰ্ষত বিজেপিৰ আয় দুগুণ বৃদ্ধি পাইছে৷ ২০১৭-১৮ চনত বিজেপিৰ আয় আছিল ১০২৭ কোটি টকা৷ এতিয়া সেই আয় বৃদ্ধি হৈ ২৪১০ কোটি টকা হ’লগৈ৷
তাৰ মাজতে ৩০ শতাংশ টকা আহিছে নিৰ্বাচনী বণ্ডত৷ উল্লেখ্য যে ২০১৭-১৮ চনত বিজেপিক বাৰ্ষিক আয় আছিল ১০২৭ কোটি টকা৷ নিৰ্বাচনী আয়ুক্তক দাখিল কৰা প্ৰতিবেদনত নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে জনাইছিল যি এই বছৰত ব্যয় হৈছিল ৭৫৮ কোটি টকা৷ তাৰ মাজতে ৫৬৭ কোটি টকা নিৰ্বাচনী প্ৰচাৰত ব্যয় কৰিছিল৷ আনহাতে যোৱা বিত্তীয় বছৰত বিজেপিয়ে ব্যয় কৰিছে ১০০৫ কোটি টকা৷
অৰ্থাৎ খৰচ বাঢ়িছে ৩২ শতাংশ৷ তাৰ মাজতে নিৰ্বাচনী প্ৰচাৰত খৰচ কৰিছে ৭৯২.৪ কোটি টকা৷ তদুপৰি ২০১৭-১৮ বিত্তীয় বছৰত নিৰ্বাচনী বণ্ডৰে আহিছিল ২১০ কোটি টকা৷ এইবাৰ পৰিমাণ বৃদ্ধি পাইছে৷ মোডী চৰকাৰৰ নিয়ম মতে এই টকা কাক কাক দিছে তাৰ তালিকা প্ৰকাশ কৰা নাই বিজেপিয়ে৷ ইয়াকে লৈ প্ৰশ্ন কৰিছে বিৰোধী দলে৷ যি সময়ত দেশৰ অৰ্থনৈতিক অৱস্থা বেয়া সেই সময়ত কি দৰে পালে ইমান ধন এটা ৰাজনৈতিক দলে? ইয়াকে লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে৷