
অসমৰ এটা অতি জনগোষ্ঠী হ’ল কুকি৷ কিন্তু শিক্ষাৰ ক্ষেত্ৰত কুকি সমাজ যথেষ্ট আগবঢ়া৷ দেশৰ আৰু ৰাজ্যৰ প্ৰশাসনিক সেৱাৰ লগতে সেনা আৰু বৈদেশিক সেৱাতো কুকি বিষয়াই দক্ষতাৰে কাম কৰি গৈছে৷ কুকি জনগোষ্ঠী (Kuki people)ৰ কাৰবি আংলং (Karbi Anglong) আৰু ডিমা হাছাও জিলা (Dima Hasao Districts)ৰ নতুন প্ৰজন্মক উৎসাহিত কৰি জীৱনৰ সথিক পথৰ সন্ধান দিবলৈ কুকি অধ্যাপক সমাজ (Kuki Professors’ Society) আৰু কাৰবি আংলং জিলা কুকি ছাত্ৰ সংগঠনে (Karbi Anglong District Kuki Students’ Union) আজি ডিফুত এক সম্বৰ্ধনা অনুষ্ঠান (Felicitation ceremony at Diphu)ৰ আয়োজন কৰে৷

কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰধান সচাব আইএএছ বিষয়া মুকুল কুমাৰ শইকীয়া (Mukul Kumar Saikia)ই সম্বৰ্ধনা অনুষ্ঠানটো বন্তি প্ৰজ্বালনেৰে উদ্ধোধন কৰি ছাত্ৰছাত্ৰীসকলক প্ৰতিযোগিতাৰ পৃথিৱীৰ কি দৰে আগবাঢ়ি যাব লাগিব তাৰ বিষয়ে বিবৰি কয়৷ অসম কুকি কলেজ অধ্যাপক সন্থাৰ সভাপতি এল ডুংগেলে আঁত ধৰা অনুষ্ঠানটোত নবাডৰ ডি ডি এম কে ভাইপে, ডিমা হাছাও পৰিষদৰ সদস্য আমিন লিয়েংথাং, কুকি এপেক্স বডিৰ সভাপতি টি চাংছেন, লেখক-সাংবাদিক সঞ্জু বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

কুকি কলেজ শিক্ষক সন্হাৰ সভাপতি এল ডংগেলে (El Dongel) সংবাদ মাধ্যমৰ আগত কয় যে শণিবাৰে পুৱা ১০ মান বজাত ডিফুৰ ফাৰ্মাৰ্চ গ্ৰ’থ চেণ্টাৰৰ সভা কক্ষত কুকি সম্প্ৰদায়ৰ প্ৰৱক্তা আৰু ছাত্ৰ সমাজৰ উদ্যোগত কুকি জনগোষ্ঠীৰ যি সকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক, উচ্চতম মাধ্যমিক আৰু স্নাতক-স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈছে তেওঁলোকৰ লগতে পি এইছ ডি কৰা সকলক আজি সম্বৰ্ধনা জ্ঞাপন কৰে৷ ইয়াৰ লগতে কুকি জনগোষ্ঠীৰ অতি দুখীয়া ছাত্ৰ-ছাত্ৰীক এই দুটা সংগঠনে পঢ়াব বাবে এটা স্কলাৰশ্বীপ দিয়াৰো ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে৷ সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিছাপে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াৰ লগতে কুকি সমাজৰ কেইবাগৰাকী শীৰ্ষ বিষয়া-কৰ্মী উপস্থিত থাকে বুলি জানিব পৰা গৈছে৷












