
যোৱা কিছু দিনৰ পৰা ডিফু (Diphu) চহৰত একাংশ চোৰে পিয়াপি দি ফুৰাৰ লগতে সাধাৰণ ৰাইজ আৰু আৰক্ষী নিদ্ৰা হৰণ কৰি ৰখাৰ সময়ত আজি পুৱাৰ ভাগতো দুটা গভাইত চোৰ আটক (two thieves arrested) হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফু বাঘমাৰীস্থিত শ্মশান কালী মন্দিৰ (Kali Temple at Baghmari)ত পুৱাৰ ভাগত মন্দিৰৰ সামগ্ৰী চুৰি কৰিবলৈ আহি মন্দিৰ কৰ্তৃপক্ষৰ হাতত হাতে-লোটে ধৰা পৰে দুটা গভাইত চোৰ৷

ধৃত চোৰ দুটা ক্ৰমে, লংকাৰ ১ নং কাকী থানাৰ অন্তৰ্গত ২নং কাকীৰ মৃত টিকেন নাথৰ পুত্ৰ প্ৰফুল্ল নাথ (২২) আৰু আনটো বোকাজানৰ মৃত ৰাজেন তাঁতীৰ পুত্ৰ ৰাজেশ তাঁতী (২২) বুলি চিনাক্ত কৰা হৈছে৷ চোৰ দুটাই কালী মন্দিৰৰ পৰা দেৱীমাৰ ২টা ৰূপৰ পায়ল, দেৱীমাৰ নাকৰ সোণ আৰু ৰূপৰ বালী ২ টা, ১ টা ছিলভাৰৰ আৰু এটা ১ টা ষ্টীলৰ বাল্টিং, প্লাষ্টিকৰ জাঁবৰদানি ১ টা, ১ ফুট উচ্চতাৰ তামৰ মূৰ্তি এটা, পিতলৰ ঘণ্টি ১ টা, পিতলৰ ৩ ফুট উচ্চতাৰ লেম্প ষ্টেণ্ড ১ টা আৰু কিছু খুছুৰা মুদ্ৰা চুৰ কৰিছিল৷ এই সন্দৰ্ভত মন্দিৰ কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত ডিফু আৰক্ষীয়ে চোৰ দুটাক আটক কৰি জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷













