মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনছঙে (Prestone Tynsong) বৃহস্পতিবাৰে জনায় যে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলা হৈ শিলচৰলৈ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে ২৪ হাজাৰ কোটি টকা অনুমোদন জনাইছে।
![4Lane road from Meghalaya to Assam I মেঘালয়ৰ উমিয়ামৰ পৰা অসমৰ শিলচৰলৈ ৪ লেনযুক্ত পথ, ২৪ হাজাৰ কোটি অনুমোদন 3 4Lane road from Meghalaya to Assam I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/07/IMG_20240705_144157.png?resize=780%2C436&ssl=1)
তেওঁ কয় যে অনুমোদিত মুঠ ধনৰ ভিতৰত উমিয়াম আৰু মালিদৰ (দুয়োটা মেঘালয়ত) মাজত ১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ বাবে ১২ হাজাৰ কোটি টকা অনুমোদন কৰা হৈছে। এই ধনৰাশিৰ ভিতৰত মাটিৰ মালিকৰ ক্ষতিপূৰণো অন্তৰ্ভুক্ত কৰা হৈছে।
পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত টাইনছঙে কয় যে এই প্ৰকল্পই অসমৰ গুৱাহাটী সংযোগ কৰি শিলচৰ, মিজোৰাম আৰু ত্ৰিপুৰালৈ যাতায়ত কৰাত সহায় কৰিব। লগতে বাকী ১২ হাজাৰ কোটি টকা চুবুৰীয়া অসমৰ বাকী থকা ৪ লেনযুক্ত পথটো নিৰ্মাণৰ বাবে আৱণ্টন দিয়া হৈছে।
মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ বিভিন্ন প্ৰান্তত শোচনীয় অৱস্থাত থকা বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথ-৬ৰ ঠাইত এই প্ৰস্তাৱিত ৪ লেনযুক্ত পথটো নিৰ্মাণ হ’ব। টাইনছঙে লগতে কয় যে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ২৪ জুনত পূব জয়ন্তীয়া পাহাৰ জিলাৰ লুমছনঙৰ পৰা মালিদলৈ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰু উন্নয়নৰ বাবে ২৯০ কোটি টকাৰ অনুমোদন জনাইছিল।
উল্লেখযোগ্য যে মেঘালয়ত ধাৰাসাৰ বৰষুণৰ ফলত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বাবে অসম আৰু মিজোৰামলৈ অহা-যোৱা কৰা লোকসকল ক্ষতিগ্ৰস্ত হৈছে ।