যোৱা কেইবাদিন ধৰি সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰবি আংলঙ জিলাতো নেৰানেপেৰা বৰষুণৰ ইয়াৰ নদ-নদীসমূহ ফেনে ফুটুকাৰে ওফন্দি উঠিছে ৷ ইয়াৰ মাজতে ডিফুৰ সমীপৰ হিদি ছাজিৰত (Hidi Sajir near Diphu) এটি ১২ বছৰীয়া শিশু কণ্যাৰ (12-year-old girl) ডিফু নদীত সলিল সমাধি (Death in Diphu River) হোৱাৰ মৰ্মান্তিক ঘটনাই এলেকাটোত শোকৰ ছাঁ পৰিছে ৷
প্ৰাপ্ত খবৰ অনুসৰি ডিফু থানাৰ অন্তৰ্গত হিদিছাজিৰত ডিফু নদীৰ কোবাল সোঁতত উটি গৈ সন্ধানহীন হোৱা ১২ বছৰীয়া শিশু কণ্যা ছেৰমিলা ৰংফাৰপী (Shermila Rangfarpi)ৰ মৃতদেহ আজি বিয়লি ডিফুৰ ৬ মাইলত উদ্ধাৰ (Body found in 6 miles of Diphu) হয়৷
সন্তানৰ সন্ধানত অভিযান চলাইছে ডিফু স্থিত অগ্নি নিৰ্বাপন আৰু জৰুৰী সেৱাৰ জোৱানসকলে৷ হোজাই, নগাওঁ আৰু মৰিগাঁৱৰ পৰা ডীপ ড্ৰাইভাৰৰ সহায়ত অভিযান চলাইছিল অভিযানকাৰী দলে ৷
উল্লেখ যোগ্য যে মঙলবাৰে দুপৰীয়া হিদিছাজিৰৰ খৰছিং ৰংফাৰৰ ছেৰমিলা ৰংফাৰপী নামৰ ১২ বছৰীয়া কণ্যা শিশুটি নিজ ককাকৰ ঘৰলৈ বুলি যাওঁতে ডিফু নদীৰ কোবাল সোঁতত সন্ধানহীন হৈছিল আৰু আজি বিয়লি ডিফুৰ ৬ মাইলত স্থানীয় ৰাইজে কণ্যা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ শিশুটিৰ অকাল মৃত্যুত সমগ্ৰ হিদিছাজিৰৰ লগতে ডিফু চহৰত শোকৰ ছাঁ পৰিছে৷