ASSAM TIMES POST
ডিফু : শুকুৰবাৰে নিশা পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত সংঘটিত হয় এক ভয়াবহ পথ দূৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে নিশা ১-৩০ মান বজাত ডিফু চহৰৰ ধৰমনালা পথৰ বাজাৰ ইণ্ডিয়াৰ সন্মূখত ৰখাই থোৱা অৱস্থাত AS 01A 1798 ছিণ্টেক্স ভৰ্তি এলপি ট্ৰাকৰ পিছফালে মাটিপুঙ দিশে গৈ থকা AS 09 F 2988 ৰয়েল এনফিল্ড বুলেটে তীব্ৰ বেগে খুন্দিয়াই দূৰ্ঘটনা গ্ৰস্থ হয় ৷
ফলত বুলেটত থকা আৰোহী দুজন জখম প্ৰাপ্ত হয় ৷ দুয়োকে ডিফু চিভিল হাস্পাতাললৈ লৈ যোৱা হয় যদিও মাটিপুঙ গেছ গুদামৰ কাষৰ নিবাসী কেনচিঙ টেৰণৰ পুত্ৰ লংচিং টেৰণ( ২৭) বাটতে মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ৷


আনজন আৰোহী একেখন গাঁৱৰ ৰিয়েজ টেৰণৰ পুত্ৰ ধনচিং টেৰণ (২৮)ক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে জিএমচিলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷ স্থানীয় লোকৰ মতে ঘন কুঁৱলীৰ বাবে ৰৈ থকা ট্ৰাকখন অদৃশ্যমান হৈ পৰাত শোকাৱহ দূৰ্ঘটনাটো সংঘটিত হৈছে বুলি মন্তব্য কৰিছে ৷
আনহাতে চহৰখনত শাৰদীয় বতৰত নিশাৰ ভাগত ঘাই পথৰ কাষত যানবাহন ৰখাই থোৱাৰ অনুমতি নিদিবলৈ প্ৰশাসনক সচেতন মহলে আহ্বান জনাইছে ৷













