ডিফু মেডিকেল কলেজ আৰু হাস্পাতালত (DMCH) পিত্ত নলীৰ পাথৰ (Gallbladder Stone) উলিওৱাৰ বাবে আৰম্ভ হ’ল ERCP পদ্ধতি। পিত্তনলীত পাথৰ হোৱা লোকসকলৰ বাবে এটা ভাল খবৰ!
আপোনাৰো যদি পিত্তনলীত পাথৰ হৈছে তেন্তে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই৷ কাৰণ পিত্তনলীত হোৱা পাথৰ উলিয়াবলৈ এতিয়াৰে পৰা কৰিব নালাগে অস্ত্ৰোপ্ৰচাৰ৷ বেদনাদায়ক অস্ত্ৰোপচাৰৰ পৰা ৰোগীক ৰেহাই দি ERCP পদ্ধিতিৰে পিত্তনলীৰ পাথৰ উলিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে DMCH কৰ্তৃপক্ষই৷
ERCP (Endoscopic retrograde cholangio pancreatography) পদ্ধতিৰে উলিওঁৱা হ’ব পাথৰ। মুখেৰে টিউব এটা ভৰাই উলিয়াই পেলোৱা হ’ব পিত্তনলীত হোৱা পাথৰ।
আজি ERCPৰ ওপৰত ডিফু মেডিকেল কলেজ হাস্পতাল (DMCH)ত অনুষ্ঠিত হয় এখনি কৰ্মশালা। DMCHৰ শৈল্য চিকিৎসা বিভাগৰ সহযোগত আৰু ‘আসাম ষ্টেট চেপ্টাৰ অফ এএছ আই’ ডিফু শাখাৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই কৰ্মশালা। এই কৰ্মশালাৰ জড়িয়তে ERCPৰ দ্বাৰা ৫ গৰাকী ব্যক্তিৰ পিত্তনলীত হোৱা পাথৰ উলিওঁৱা হয়। গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰে GMCHৰ খ্যাতনামা বিশেষজ্ঞ প্ৰৱক্তা চিকিৎসক ডা: সিদ্ধাৰ্থ ফুকনে। লগত উপস্থিত থাকে DMCHৰ শৈল্য চিকিৎসা বিভাগৰ কেইবাগৰাকী প্ৰৱক্তা, চিকিৎসক।
শৈল্য চিকিৎসকসকল ক্ৰমে, শৈল্য চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ৰঞ্জীব ৰংপি, শৈল্য চিকিৎসা বিভাগৰ সহকাৰী প্ৰৱক্তা ডঃ মেৰাজ আলম, ডাঃ দেৱব্ৰত দত্ত, ডাঃ প্ৰণৱ বড়ো, এনাস্থলজিষ্ট বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ বন্দনা মহন্ত।
কৰ্মশালাটো মুকলি কৰি DMCHৰ অধ্যক্ষা সূমিত্ৰা হেগজেৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। লগতে তেওঁ কয় যে আজিৰ দিনটো সাধাৰণ ৰাইজৰ লগতে DMCHৰ বাবেও এটা উল্লেখনীয় দিন। ইয়াৰ দ্বাৰা বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীসকল বহুখিনি সকাহ পাব বুলিও তেওঁ মন্তব্য কৰে।