
নিটত প্ৰশ্নকাকত (NEET Paper) ফাদিল হোৱাকে ধৰি একাধিক অনিয়ম আৰু নেটত হোৱা অনিয়মৰ বাবেও কেন্দ্ৰৰ অস্বস্তি বৃদ্ধি পাইছে। তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে বিভিন্ন অসামঞ্জস্যও চৰ্চালৈ আহিছে। গ্ৰেপ্তাৰৰ সংখ্যাও বৃদ্ধি পাইছে। তাৰ বাবেই বহুতৰে প্ৰশ্ন, নেটৰ দৰে নিটো কিয় বাতিল কৰা নহয়? ইতিমধ্যে নিট প্ৰশ্নকাকত ফাদিলৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰা হৈছে। বিহাৰ, গুজৰাট আৰু ৰাজস্থান আৰক্ষীয়ে দাখিল কৰা গোচৰৰ তদন্ত আৰম্ভ কৰিছে চিবিআয়ে।

চিবিআইৰ সূত্ৰ অনুসৰি, চাৰিটা পৰ্যায়ত তদন্ত অব্যাহত থাকিব। প্ৰশ্নকাকত প্ৰস্তুত, ছপা আৰু দেশৰ বিভিন্ন কেন্দ্ৰলৈ প্ৰেৰণৰ বিভিন্ন স্তৰ পৰীক্ষা কৰা হ’ব। ইয়াৰ বাহিৰেও পৰীক্ষা আৰম্ভ হোৱাৰ পূর্বে পৰীক্ষা প্রস্তুতি, প্রশ্ন ছপা, প্রশ্ন প্রদান, প্রশ্নকাকত নিৰাপদে ৰখাৰ ক্ষেত্রত কিবা অনিয়ম ঘটিছে নে নাই সেই বিষয়ে চিবিআয়ে তদন্ত অব্যাহত ৰাখিছে৷ যদি আছে, তেন্তে ইয়াৰ লগত কোন কেনেকৈ জড়িত আছে। প্ৰথম অৱস্থাত চিবিআইৰ ডাটাবেছত সন্দেহযুক্ত লোকৰ হাজাৰ হাজাৰ নাম আৰু ফোন নম্বৰ আছে। প্ৰশ্ন কোনে ফাদিল কৰিলে তাৰ জৰিয়তে তদন্ত চলিব।
ব্যাপামৰ দৰে বিভিন্ন পৰীক্ষাত দুৰ্নীতিৰ সৈতে জড়িত সন্দেহযুক্ত লোকক লৈ ডাটাবেছ তৈয়াৰ কৰা হৈছে, যাতে শিক্ষাৰ দুৰ্নীতিৰ চক্ৰটো সন্মুখত আনিব পৰা যায়। উল্লেখযোগ্য যে ৫ মে’ৰ নিট পৰীক্ষাৰ দিনা গুজৰাটৰ গোধৰাত অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰতাৰণা, বিশ্বাস ভংগকে ধৰি কেইবাটাও অভিযোগ গোধৰা আৰক্ষীত দাখিল কৰা হয়। অভিযোগ কৰা হৈছে যে ২৭ গৰাকী প্ৰাৰ্থীক বিভিন্ন উপায়েৰে ক্লীন পাছ দিয়া হৈছিল।
পঞ্চমহলৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, চিবিআইৰ এটা দলে গোধৰাত উপস্থিত হৈ স্থানীয় আৰক্ষীৰ সৈতে যোগাযোগ কৰে। সকলো সহযোগিতা তেওঁলোকক দিয়া হ’ব বুলি আশ্বাস দিয়া হৈছে। অভিযোগৰ কেন্দ্ৰবিন্দু জালাৰাম স্কুলতো উপস্থিত হয় চিবিআইৰ বিষয়াসকল। বিদ্যালয়খনৰ অধ্যক্ষকে ধৰি তিনিজন লোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে।










