সোমবাৰে বিয়লি ২ বাজি ৩০ মিনিটত মাঞ্জাৰ সমীপৰ শিলনী নৈ (Shilni River near Manja)ত সংঘটিত হয় এক অঘটন ৷ প্ৰাপ্ত খবৰ অনুসৰি বন্ধুৰ সৈতে গা ধুবলৈ গৈ শিলনী নৈৰ কোবাল সোঁতত উটি গৈ সন্ধানহীন (Missing) হয় ডিফু লাষ্ট পানবাৰীৰ কনক বসুমতাৰীৰ ১৭ বছৰীয়া পুত্ৰ ৰৌচন বসুমতাৰী (Raushan Basumatary)৷
মাঞ্জা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰগৰাকীৰ উদ্ধাৰ অভিযানৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷