যোৱা ১১ জুনৰ নিশা ১ বজাত ডিফুৰ আৰলংলাংচত শুকুৰী তিচপী (Shukuri Tishpi) নামৰ এগৰাকী যুৱতীক নিজ বাসগৃহৰ শোৱা পাটীতে গুলীয়াই হত্যা কৰা ঘটনা (Shooting and killing in bed)ই সমগ্ৰ জিলাজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ ঘটনাৰ চাৰিদিনৰ পিছত আজি হত্যাৰে জড়িত (involved in murder) দুগৰাকী যুৱকক কৰায়ত্ব (Two men arrested) কৰা বুলি আৰক্ষীয়ে সদৰি কৰে৷ কাৰবি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) জয়ন্ত বৰুৱাই এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে৷ আৰক্ষী বিষয়া গৰাকীয়ে কয় যে, এই হত্যাকাণ্ড সন্দৰ্ভত তেওঁৰ নেতৃত্বত এক এছ আইটি গঠন কৰা হৈছে ৷
হত্যা সংক্ৰান্তত ডিফু থানাত ৩৯/২০২৪ গোছৰ ৰুজো কৰি ১২০ বি, ৩০২ আইপিচি, ২৫(১)এ আৰ্মছ অস্ত্ৰ আইনৰ অধীনত দুজন যুৱকক সোধা পোছাৰ অন্তত আজি গ্ৰেপ্তাৰ কৰা হয়৷ তদন্তৰ খাতিৰত আৰক্ষীয়ে নাম প্ৰকাশ নকৰা যুৱক দুজনক আজি আদালতত হাজিৰ কৰি চাৰিদিনৰ আৰক্ষী জিম্মাত লোৱা বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰি কৰে ৷ আনহাতে এই হত্যাকাণ্ডত ৭ পইণ্ট ৫৬ এমএম পিষ্টল ব্যৱহাৰ কৰা হৈছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে, হত্যাৰ প্ৰকৃত কাৰণ এতিয়াও উদ্ঘাটন হোৱা নাই বুলিও সদৰি কৰে আৰক্ষী বিষয়াগৰাকীয়ে৷