বিশ্ব ৰক্তদাতা দিৱস (World Blood Donor Day)ৰ লগত সংগতি ৰাখি আজি ডিফু চিকিৎসা মহাবিদ্যালয় (Diphu Medical College) আৰু হাস্পাতালত এক ৰক্তদান শিৱিৰ অনুষ্ঠিত হৈ যায়৷ নেশ্যনেল মেডিক’ অৰ্গেনাইজেছন, এনএইছআইডিচিএলকে ধৰি ১৫ টা সংস্থা আৰু সংগঠনে উক্ত শিৱিৰত স্বেচ্ছামুলক ৰক্তদান (Voluntary blood donation) কৰে৷ সংগঠনসমূহৰ ভিতৰত এনএইছআইডিচিএলৰ কৰ্মীসকলে ৪০ ইউনিট ৰক্তদান কৰে৷ শিৱিৰটো আৰম্ভনিৰ পূৰ্বে ডিএমচিএইছত এক সম্বৰ্ধনা সভাৰ অনুষ্ঠিত হয়৷ সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকে কাৰবি আংলং জিলা আয়ুক্ত মধুমিতা ভাগৱতী৷
ইয়াৰোপৰি ডিএমচিএইছৰ অধ্যক্ষ সুমিত্ৰা হেগজেৰ ডিএমচিএইছ ব্লাড বেংক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ অপৰ্ণা লাংথাছা আৰু ফেকাল্টিসকল উপস্থিত থাকে৷ উক্ত সভাত, সৰ্বাধিক ১৯ বাৰ ৰক্তদান কৰি অভিলেখ ৰচা ডিএমচিএইছৰ কৰ্মচাৰী খেম শৰ্মাক আনুষ্ঠানিকভাবে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰশস্তি পত্ৰও প্ৰদান কৰা হয়৷
ইয়াৰোপৰি বিভিন্ন সময়ত ডিএমচিএইছৰ ব্লাড বেংকত স্বেচ্ছাই ৰক্তদান কৰা দল-সংগঠন সমূহক সম্বৰ্ধনা জনােৱা হয় ৷ উক্ত সভাত মুখ্য অতিথিৰ ভাষণত জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে কয় যে, মানুহৰ জীৱনদান দিবলৈ ৰক্তদানৰ আৱশ্যক ৷ যিসকলে ৰক্তদান কৰে তেওঁলোক প্ৰশংসাৰ যোগ্য ৷ পাহাৰীয়া জিলাখনত ডেংগু, মেলেৰীয়াৰ দৰে বেমাৰ হৈয়েই থাকে তেনেস্থলত জিলাখনত ৰক্তদান অতি আৱশ্যক ৷
আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সুমিত্ৰা হেগজেৰে কয় যে, ১৯ বাৰ ৰক্তদান কৰা ডিএমচিএইছৰ কৰ্মচাৰী খেম শৰ্মা (Khem Sharma)ৰ মহানুৱতা আমাৰ বাবে গৌৰৱৰ বিষয়৷ সকলো স্বেচ্ছাসেৱী ৰক্তদাতাসকল প্ৰশংসা, ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ৷ তিনিমাহৰ মূৰে মূৰে সকলোৱে ৰক্তদান কৰিব পাৰে৷ তেজত মেলেৰিয়া, এইছআইভি আৰু হেপেটাইটিছৰ দৰে বীজানু নথকালব্যক্তি ৰক্তদান কৰি কেৱল এটা জীৱন নহয়, এটা পৰিয়াল আৰু সমাজক ৰক্ষা কৰিব পাৰে ৷ ডিএমচিএইছৰ ফেকাল্টিৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীয়ে বিভিন্ন সমষত ৰক্তদান কৰি আহিছে বুলি কয় ৷ সীমান্তত এগৰাকী সৈনিকে যেনেকৈ দেশ ৰক্ষা কৰে তেনেদৰে এগৰাকী ৰক্তদাতাই ৰক্তদান কৰি এটা জীৱনদান কৰে ৷
ইয়াৰোপৰি ডিএমচিএইছ ব্লাড বেংক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ অপৰ্ণা লাংথাছাই কয় যে, এইবাৰ বিশ্ব ৰক্তদাতা দিৱসটি টুৱেণ্টি ইয়াৰচ অফ চেলিব্ৰেছন গিভিং থেংক ইউ ব্লাড ডনাৰচ থীম লৈ পালন কৰা হৈছে৷ ডিএমচিএইছৰ আজিৰ ৰক্তদান শিৱিৰত ১০টা সংগঠনে অংশ গ্ৰহণ কৰিছে ৷ লাংথাছাই ৰক্তদানৰ মহত্ব আৰু তেজৰ বিশেষত্ব ওপৰত বিস্তৃত ভাবে জানিবলৈ দিয়ে৷