
বুধবাৰে পুৱা ১০ মান বজাত বৰপথাৰ থানা এলেকা (Barpathar thana area)ৰ খাকৰাজানত আৰক্ষী (Police in Khakrajan)ৰ বিশেষ নাকা তালাচী (Search)ত ডিমাপুৰৰ পৰা গোলাঘাট অভিমুখে গৈ থকা এম এন 6L 7152 নম্বৰৰ টাটা জেনন গাড়ীত তালাচী (car searched) চলাই ১৮ পেকেটত মুঠ ৩৬ হাজাৰ টা নীলা ৰঙৰ নিচাযুক্ত যাবা (Yaba) টেবলেট উদ্ধাৰ (Found intoxicating tablets) কৰিবলৈ সক্ষম হয় বৰপথাৰ আৰক্ষীয়ে৷

টেবলেটখিনি গাড়ীখনৰ এয়াৰ ফিল্টাৰত লুকুৱাই আনিছিল সৰবৰাহকাৰীয়ে ৷ টেবলেটখিনি সৰবৰাহৰ লগত জড়িত গাড়ীখনৰ চালক মণিপুৰ থৌবাল জিলাৰ আব্দুল লতিফ (৪১)ক আটক (Abdul Latif detained) কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ বিশেষ নাকা অভিযানটো বৰপথাৰ থানাৰ অচি, থানা ষ্টাফ, 20 বিএন চিআৰপিএফৰ সহযোগত চলিছিল৷ উদ্ধাৰ হোৱা নিচাযুক্ত টেবলেটখিনি নিৰপেক্ষ সাক্ষীগণ, চৰকাৰী বিষয়াসকলৰ উপস্থিত জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷












