
ডিফুত (Diphu) সংঘটিত হত্যাৰ ঘটনাৰ কিছুমান ন ন তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, মৃত শুকুৰী তিছ’পী আছিল বিবাহিতা। এই কথা সংবাদ মাধ্যমক অৱগত কৰিছেI

জানিব পৰা মতে, মৃত শুকুৰী তিছ’পী আছিল বিবাহিতা। এই কথা সংবাদ মাধ্যমক অৱগত কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।
তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমক কোৱা অনুসৰি, “মই শুনিব পাইছো যে ডিফুত সোমবাৰে নিশা হত্যা কৰা যুৱতীগৰাকী বিবাহিতা আছিল। পূৰ্বে এগৰাকী প্ৰাক্তন উগ্ৰপন্থী সদস্যৰ সৈতে যুৱতীগৰাকীৰ বিবাহ হৈছিল যদিও পিছত বিবাহ বিচ্ছেদ হয় আৰু তেওঁ অকলে থাকিবলৈ লয়।” কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে।
উল্লেখযোগ্য যে, সোমবাৰে মাজ নিশা প্ৰায় ১ বজাত শুই থকা অৱস্থাতে দুৰ্বৃত্তই যুৱতীগৰাকীক গুলীয়াই হত্যা কৰে বুলি জানিব পৰা গৈছে। ডিফুত দুই ভগ্নীসহ বসবাস কৰা যুৱতীগৰাকীৰ হত্যাৰ কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই। জানিব পৰা মতে, নিশা কেঁচা ঘৰৰ বেৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে।













