
শুকুৰবাৰে পুৱা ৫ মান বজাত মাঞ্জা (Manja)ৰ সমীপৰ মহংদিজুৱা ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত যাত্ৰীবাহী ট্ৰেইলাৰ বাগৰি (Passenger trailer falls off) মুঠ ১৩ জন যাত্ৰী কম-বেছি পৰিমানে আহত (13 passengers injured) হয় ৷ আহত যাত্ৰীসকলক মাঞ্জাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ পিছত ডিএমচিএইছলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে৷

প্ৰাপ্ত খবৰ অনুসৰি যাত্ৰীবাহী ট্ৰেইলাৰ বাহনখন মহংদিজুৱাত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰে৷
বাহনখন পশ্চিমবংগৰ শিলিগুৰিৰ পৰা মণিপুৰ অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে৷ ঘটনাস্থলীত মাঞ্জা আৰক্ষী আৰু মাঞ্জা গোৰ্খা কনফাৰেন্স কমিটিৰ নেতা-কৰ্মী সকলে আহত যাত্ৰী সকলৰ চিকিৎসাৰ ব্যৱস্থা কৰে বুলি জানিব পৰা গৈছে ৷













