
কাৰ্বি আংলঙত (Karbi Anglong) সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনাই শেহতীয়াকৈ অঞ্চলটোত খলকনিৰ সৃষ্টি কৰিছে।হাওৰাঘাট আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰী মুণ্ডা গাঁৱত জয়চিং মুণ্ডা নামৰ এজন ব্যক্তিয়ে কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নী মঞ্জু মুণ্ডাক ।

নিশা স্বামী – স্ত্ৰীৰ মাজত ঘটা কিছু মনোমালিন্যৰ বাবেই এই ঘটনা সংঘটিত হয়। আজি নিজৰ পুত্ৰই পিতৃৰ হাতত মাতৃৰ মৃত্যু হোৱাৰ কথা জানিব পাৰি আৰক্ষীক খবৰ দিয়াত হাওৰাঘাট থানাৰ আৰক্ষীয়ে হত্যাকাৰী জয়ছিং মুণ্ডাক আটক কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে ।













