
অপৰাধীৰ নিৰাপদ ক’ৰিডৰ অসম-নাগালেণ্ড সীমান্তৰ কাৰবি আংলং জিলাৰ পুৰণা লাহৰিজান (Old Laharijan)ত কাৰবি আংলঙ (Karbi Anglong) আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা৷ অবৈধ মাৰণাস্ত্ৰ আৰু সজীৱ গুলীসহ (Seized with illegal weapons and live cartridges) আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী৷ কাৰবি আংলং জিলাৰ মাজেৰে যোৱা ৰাষ্ট্রীয় ঘাই পথ দুটা দিয়েই অভিনৱ কৌশল প্রয়োগেৰে ড্রাগ, নিচাজাতীয় টেবলেট, গাঁজা, মৰফিন, বার্মিজ সামগ্রীৰ লগতে মাৰণাস্ত্রও অবৈধভাবে বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছে।

আৰক্ষীয়ে মাজে-সময়ে এনে অপৰাধীক ৰঙা ঘৰৰ আলহী কৰি আহিছে যদিও অপবাধীয়েও এৰি দিয়া নাই এনে ব্যবসায়। নিতৌ ন-ন কৌশল অৱলম্বন কৰি অব্যাহত ৰাখিছে এনেসমূহ ব্যবসায়।আজিও আৰক্ষীয়ে অসম-নগালেও সীমান্তৰ ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা লাহবিজান পৰা আৰক্ষী নিয়মীয়া নাকা তালাচী অভিযান অব্যাহত ৰাখি কেইবাটাও মাৰণাস্ত্রসহ বুজন পৰিমানৰ সক্রিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম
আৰক্ষী সূত্রে পোৱা তথ্যানুসৰি চুবুৰীয়া ৰাজ্য ডিমাপুৰৰ দিশৰ পৰা আহি থকা ডব্লিউ বি-০২-এএইছ-১৪২১ নম্বৰৰ এখন ইক’ ফ’র্ড বিলাসী গাড়ী (Eco Fort luxury car) নাকাত ৰখাই আৰক্ষীয়ে গাড়ীখন তন্ন তন্নকৈ তালাচী চলাওঁতেই বিলাসী বাহন নৰ গোপন চেম্বাৰৰ পৰা ৭ টা নাইন এম এম পিস্টল, এটা ৰিভলভাৰ পিষ্টল, ৮টা মেগজিনৰ লগতে নাইন এম এম পিস্টলৰ ৪০৭ জাঁই সক্রিয় গুলী আৰু পইন্ট ৩২ পিস্টলৰ ৯৪ জাঁই সক্রিয় গুলী উদ্ধাৰ কৰে৷

আনহাতে কার্বিআংলং জিলাৰ জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই জানিবলৈ দিয়ে যে এছ টি এফৰ গোপন খবৰ ভিত্তিত আজি উক্ত মাৰণাস্ত্রসমূহ জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আজি আৰক্ষীয়ে জব্দ কৰা এই মাৰণাস্ত্র আৰু সক্রিয় গুলীসমূহ ডিমাপুৰৰ পৰা গুৱাহাটীৰ কোন ঠাইলৈ ধৃত যুবকদ্বয়ে অবৈধভাবে সৰবৰাহৰ চেষ্টা চলাইছিল সেই সন্দর্ভত আৰক্ষীয়ে ছ’পেইমি মুইবং আৰু মাথান সিং কেইছিং নামৰ মণিপুৰৰ যুৱক দুজনক আটক কৰি সোধ-পোছৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে আজিৰ এই অভিযান বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্রহ্ম, ডিলাই আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া নিতুল শইকীয়াসহ আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ এটা জোৱানব দলে চলাইছিল।












