
পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলাৰ খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত খেৰণিৰ জেংক্ৰ গাঁৱত খাদ্য বিষক্ৰিয়াৰ ঘটনা সংঘটিত হোৱাক লৈ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে।

জানিব পৰা মতে, পাহাৰীয়া এলেকাৰ জংঘলৰ পৰা অনা বিষাক্ত কাঠফুলাৰ আঞ্জা বনাই খোৱাৰ পিছতে এটা পৰিয়ালৰ তিনি সদস্য ক্ৰমে মঙ্গলছিং ক্র, চাৰ ইম ক্র, বাৰী ইংহিপি আৰু ৰবিকা তিচ্ছʼপি অসুস্থ হৈ পৰে।

স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকক শীঘ্ৰে খেৰণি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰি তাৎক্ষণিক চিকিৎসা প্ৰদান কৰা হয় যদিও দুজনৰ অৱস্থা অতি সংকটজনক হোৱাৰ ফলত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে তেওঁলোকক ডিফুলৈ প্ৰেৰণ কৰে ।













