
পাহাৰত দ্বিতীয়বাৰৰ বাবে ফুলিল পদুম ফুল ৷বাতৰি যুগুতোৱা পৰলৈকে ৬ নং ডিফু (Diphu) জনজাতি লোক সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰচিং তিচ’ৱে ৩৩৪৬২০ ভোট লাভ কৰে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী এপিএইছএলচি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী জে আই কাথাৰে লাভ কৰে ১৮৭০১৭ টা ভোট ৷

ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙে লাভ কৰে ১২৪০১৯ টা ভোট ৷ নিৰ্দলীয় প্ৰাৰ্থী জন বাৰ্ণাৰ্ড চাইমাই লাভ কৰে ১১২৭৯ ভোট ৷ আনহাতে এএছডিচি দলৰ প্ৰাৰ্থী জৎছন বে’ই লাভ কৰে ১৬২৫৯ টা ভোট ৷ নটা ভোটৰ সংখ্যা ১৬২৫৯ ৷ অষ্টদশ লোকসভাৰ নিৰ্বাচনৰ আজি ঘোষিত ফলাফলত ৬নং ডিফু লোকসভা আসনখনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় বিজেপি দল।
বিজেপি দলৰ প্রার্থী অমৰছিং তিছ’য়ে নির্দলীয় প্রার্থী তথা প্রাক্তন প্রশাসনীয় বিষয়া জনচ ইংতি কাথাৰক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। উল্লেখ্য যে নির্বাচনব পূর্বে বিজেপি দলে অতি সহজে অভিলেখ সংখ্যক ভোটৰ ব্যবধানত সমষ্টিটোত জয়লাভ সাব্যস্ত কৰিব বুলি দাবী কৰিছিল যদিও সমষ্টিটোত এইবাৰ প্রতিদ্বন্দ্বিতাৰ সন্মুখীন হয় শাসকীয় বিজেপি দল। পাহাৰত এইবাৰ আঞ্চলিকতাবাদৰ উত্থান দেখিবলৈ পোৱা যায়।
নির্দলীয় প্রার্থী ৰূপে অবতীর্ণ হোৱা জে আই কাথাৰৰ ৰাজনৈতিক দল অল পার্টি হিলচ লীডাৰছ কনফাৰেন্সে পাহাৰত দ্বিতীয় স্থান লাভ কৰি পাহাৰত পুনৰ আঞ্চলিকতাবাদৰ উত্থান ঘটাবলৈ সক্ষম হয়। ইণ্ডিয়া গঠবন্ধনৰ অংশীদাৰ হৈও মিত্রজোঁটত অংশীদাৰ নহৈ পৃথকে নির্বাচনত অৱতীর্ণ হোৱা জনচ ইংতি কাথাৰং ডেৰ লাখৰ ওপৰত ভোট লাভ কৰিবলৈ সক্ষম হোৱাটোৱে আগন্তুক দিনৰ বাবে পাহাৰত বিজেপিৰ বাবে প্রত্যাহ্বানব সৃষ্টি কৰাটো নিশ্চিত।
ইপিনে, পাহাৰত দীর্ঘকাল শাসনত থকা কংগ্ৰেছ দলৰ স্থান অৱনমিত হোৱাটোৱেও দলটোব নেতৃবৃন্দক পাহাৰত দলটোব সংগঠনক লৈ চিত্তন কৰিবলৈ সংকেত দিয়া বুলিও চর্চিত হৈছে। বাতৰি লিখাৰপবলৈকে হাফলং বিধানসভা সমষ্টিত শাসকীয় বিজেপিৰ প্রার্থী অমৰছিং তিছ’য়ে ৫৯,২২৬ হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ জয়ৰাম ইংলেঙে ৩৪,৮২৯ হাজাৰ ভোট লাভ কৰিবলৈ সক্ষম হয়।
নির্দলীয় জে আই কাথাৰে হাফলং বিধানসভা সমষ্টিত ১৭,৪৭৩ টা ভোট লাভ কবিবলৈ সক্ষম হয়। বোকাজান বিধানসভা সমষ্টিত বিজেপি দলৰ প্রার্থীগৰাকীয়ে ৫১,৮৯৬ টা ভোট লাভ কৰাৰ বিপৰীতে নির্দলীয় জে আই কাথাৰে ৩০,৭৪৮ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। ইপিনে, কংগ্ৰেছ দলৰ প্রার্থীগৰাকীয়ে ২৬,৩৯১ টা ভোট লাভ কৰে। বাতৰি লিখা পৰলৈকে ডিফু বিধান সভা সমষ্টিৰ ভোট গণনা চলি আছিল ৷
ডিফু বিধানসভা সমষ্টিত বিজেপি দলৰ প্রার্থীগৰাকীয়ে হাওৰাঘাট বিধানসভা সমষ্টিত বিজেপি প্রার্থী অমৰছিং তিছ’য়ে ৭২,২৪৮ টা ভোট, কংগ্রেছ প্রার্থীগৰাকীয়ে ২০,০৬৫ টা আৰু জে আই কাথাৰে ৩৬,৪১৩ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, আমৰি বিধানসভা সমষ্টিত বিজেপি দলৰ অমৰছিং তিছ’য়ে ৩০,৪১৩ টা, জে আই কাথাৰে ২৭,৪৫৫ টা আৰু কংগ্ৰেছ দলৰ জয়ৰাম ইংলেঙে ৮,৭৮৫ টা ভোট লাভ কৰিবলৈ সক্ষম হয়।
ৰংখাং বিধানসভা সমষ্টিত বিজেপি দলে ৫৭২৬১টা, জে আই কাথাৰে ২৪৪০৪ টা আৰু কংগ্ৰেছ দলে ১২৬১৬ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। উল্লেখনীয় যে পাহাৰৰ একমাত্র আসনখনত বিজেপি দলে এইবাব ৩ লাখৰো অধিক ভোটত জয়লাভ কৰিব বুলি বিজেপি দলে দাবী কৰিছিল। বিগত লোকসভা নির্বাচনত সমষ্টিটোত বিজেপি প্রার্থী হৰেণছিং বে’য়ে ৩,৮০,১৮৩ টা ভোেট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ বীৰেণছিং ইংতিয়ে লাভ কৰিছিল ১,৪০,৩৪৪ টা ভোট।
২০১৯ চনত বিজেপি দলৰ প্রার্থীগৰাকীয়ে ২,৩৯,৮৩৯ টা ভোটৰ বৃহৎ ব্যবধানত জয়লাভ কৰিছিল যদিও এইবাৰ এই জয়ৰ ব্যবধান যথেষ্ট হ্রাস পায়। আনহাতে, জয়লাভৰ পাছত সংবাদমাধ্যমৰে হোৱা বার্তালাপত অমৰছিং তিছ’য়ে তয় যে- তিনিওখন জিলাবাসীক মই এই বিজয় প্রদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো বুলি কয় ৷ লগতে দলৰ শীর্ষ নেতাৰ পৰা আদি কৰি তৃণমূল পর্যায়ৰ নেতা-কর্মীলৈও তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।
কার্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওৰ সমস্যাৰাজি সংসদত সঠিকভাবে উত্থাপন কৰাটোৱেই তেওঁৰ প্রথম লক্ষ্য হ’ব বুলি প্রকাশ কৰে। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা আঁচনি অনাৰ লগতে চলিত আঁচনিসমূহ সম্পূর্ণ কৰাৰ লগতে উন্নয়নেই তেওঁৰ লক্ষ্য বুলিও দাবী কৰে । জয়ৰ ব্যবধান হ্রাস পোৱাৰ সন্দর্ভত সংবাদমাধ্যমৰ প্রশ্নৰ উত্তৰত তিছ’য়ে কয় যে, ৰাজনীতিও বানপানীৰ দৰে, আণ্ডাৰ কাৰেন্ট কোনেও ধৰিব নোৱাৰে। আমাৰ ব্যর্থতাসমূহ আমি আলোচনা কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে ।
আঞ্চলিক ৰাজনৈতিক দলক বিপুল ভোট প্রদান কৰাৰ লগতে পাহাৰত আঁকোৱালি লোৱা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দুয়োখন জিলা বিশেষকৈ ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত শিক্ষিতৰ হাৰ কম হোৱা বাবে জে আই কাথাৰে ষষ্ঠ অনুসুচীৰ অন্তর্ভুক্ত অঞ্চলত কেৱল কার্বি মানুহে ভোটদান কৰিব পাৰে বুলি অপপ্রচাৰ চলোৱাটো ইয়াৰ অন্যতম কাৰণ বুলি উল্লেখ কৰে তিছ’য়ে।
এই বিষয়টো সন্দর্ভত দলে আগন্তুক সময়ত আলোচনা চলাব আৰু জনসাধাৰণৰ মাজত এই অপপ্ৰচাৰৰ বিৰুদ্ধে সজাগতা অনাৰ বাবে প্রচেষ্টা গ্রহণ কৰিব বুলিও তিছ’য়ে সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে। আনহাতে, অমৰছিং তিছ’ৰ বিজয় নিশ্চিত হোৱাৰ লগে লগে ডিফু আৰু হাফলঙৰ লগতে আন বহু অঞ্চলত বিজেপি দলে বিজয় উল্লাসত মত্ত হোৱা পৰিলক্ষিত হয়।













