লখিমপুৰ লোকসভা সমষ্টি (Lakhimpur Lok Sabha constituency)ত জয়লাভ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা (BJP candidate Pradan Barua)ৰ৷ প্ৰদান বৰুৱাই ৬,৫৭,৩২২ টা ভোট লাভ কৰে। আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা প্ৰদান বৰুৱাৰ হাতত ১,৯৯,৮৩৩ টা ভোটৰ ব্যৱধানত পৰাস্ত হয়। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৪,৫৭,৪৮৯ টা ভোট লাভ কৰে৷
আনহাতে, বৰপেটা (Barpeta)ত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে জয়লাভ (Phanibhushan Chaudhary wins) কৰে৷ কংগ্ৰেছৰ দ্বীপ বায়নক ২,০৯,০৭৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ফণীভূষণে৷ তেওঁ ৮,১৮,১৩১ টা ভোট লাভ কৰাৰ বিপৰীতে দ্বীপ বায়নে ৬,০৯,০৫২ আৰু চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰে ৯১,১১৩ টা ভোট লাভ কৰে৷
ইফালে দৰং-ওদালগুৰিৰ সমষ্টি (Darrang-Udalguri constituency)ৰ পৰা দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছে বিজেপিৰ দিলীপ শইকীয়া (BJP’s Dilip Saikia)৷ পূৰ্বৰ মঙলদৈ আৰু বৰ্তমান দৰং-ওদালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৮,৫৪,১৩৪ টা ভোট লাভ কৰি কংগ্ৰেছৰ মাধৱ ৰাজবংশীক ৩,১৮,৫৭৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে লাভ কৰে ৫,৩৫,৫৫৬ টা ভোট৷ আনহাতে, বিপিএফৰ দুৰ্গা দাস বড়োৱে লাভ কৰে ৩,০৬,২১৪ টা ভোট৷