কন্যাকুমাৰীত ধ্যানত বহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)। বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা তাত তেওঁ বিবেকানন্দ ৰক মেম’ৰিয়েলত শনিবাৰে সন্ধিয়ালৈকে ধ্যান কৰিব। আনহাতে, বৃহস্পতিবাৰে কন্যাকুমাৰীত উপস্থিত হোৱাৰ পিছত মোডী ভাগৱতী আম্মান মন্দিৰলৈ যায়। তাৰ পিছত তেওঁ বিবেকানন্দ ৰক মেম’ৰিয়েললৈ যায়।
সূত্ৰ অনুসৰি, সন্ধিয়া ৬.৪৫ বজাত মোডীয়ে ‘ধ্যানমণ্ডপম’ত ধ্যান-ধাৰণাত বহিছে। অৱশ্যে বৃহস্পতিবাৰৰ নিশালৈকে তেওঁৰ ধ্যান-ধাৰণাৰ কোনো ছবি পোহৰলৈ অহা নাই।
অন্তিম পৰ্য্যায়ৰ নিৰ্বাচনৰ পূৰ্বে মোডীৰ এই ধ্যান-ধাৰণাক লৈ সৰৱ হৈছে চিপিএম আৰু কংগ্ৰেছ। তেওঁলোকে নিৰ্বাচন আয়োগৰ কাষ চাপিছে যাতে প্ৰধানমন্ত্ৰীয়ে ধ্যান কৰি থকা ছবি টেলিভিছনত সম্প্ৰচাৰিত নহয়। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও ইয়াৰে ছবিক লৈ প্ৰশ্ন উত্থাপন কৰে। সেইবাবেই কন্যাকুমাৰীত ধ্যান কৰি থকা মোডীৰ কোনো ছবি পোহৰলৈ অহা নাই নেকি সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত কন্যাকুমাৰীত অৱতৰণ কৰে মোডীৰ হেলিকপ্টাৰ। ইয়াৰ পিছত তেওঁৰ কনভয় ভাগৱতী আম্মান মন্দিৰ পায়গৈ। বগা ধূতি-পাঞ্জাৱী আৰু বগা চাদৰ পৰিধান কৰিছিল তেওঁ। বগা ধূতিখন তেওঁ দক্ষিণ ভাৰতীয় লুঙিৰ দৰে পিন্ধে। ইয়াৰ পিছত তেওঁ মন্দিৰত থকা মূৰ্তিবোৰৰ প্ৰদক্ষিণ কৰে। চাকি জ্বলায়। ভাগৱতী আম্মানৰ মূৰ্তিৰ এখন ছবি তেওঁৰ হাতত তুলি দিয়া হয়। সেইখন পুৰোহিতসকলে দিয়ে।
ইয়াৰ পিছত তেওঁ কন্যাকুমাৰী ৰক মেম’ৰিয়েললৈ যায়। বগা চাৰ্ট, বগা ধূতি, ডিঙিত উত্তৰীয় পিন্ধিছে। ৰক মেম’ৰিয়েলত তেওঁ ৰামকৃষ্ণ, সাৰদা দেৱী আৰু বিবেকানন্দৰ ছবি আৰু মূৰ্তিৰ আগত প্ৰণাম কৰা ছবি দেখা গৈছে।
কিন্তু তাৰ পিছত এই প্ৰতিবেদন লিখাৰ সময়লৈকে আৰু কোনো ছবি ওলোৱা নাই। সূত্ৰ অনুসৰি মোডীয়ে প্ৰায় ৪৫ ঘন্টা ধ্যান কৰিব। তৰল খাদ্য ডাবৰ পানী, আঙুৰৰ ৰস আৰু অন্যান্য ফলৰ ৰস। এই সময়ছোৱাত তেওঁ কথা ক’ব নোৱাৰিব। ‘মৌন ব্ৰত’ পালন কৰিব। ধ্যান কক্ষৰ পৰাও ওলাই আহিব নোৱাৰিব।