অসমৰ বনাঞ্চলত পোৱা বিলুপ্তপ্ৰায় নিস্পাপ বন্যপ্ৰাণীসমূহ হত্যা কৰি এচামে চোৰাং ব্যৱসায় চলাই আহিছে৷ চুবুৰীয়া দেশ চীনত এনে বন্যপ্ৰাণীৰ অংগৰে ঔষধ প্ৰস্তুত কৰা আৰু অন্ধবিশ্বাসৰ বাবে গৃহত ৰাখিলে মংগল হয় বুলি ধাৰণা আছে৷ যাৰ বাবে আন্তৰাষ্ট্ৰীয় বজাৰত বিলুপ্তপ্ৰায় বণ্যপ্ৰাণীৰ অংগৰ চোৰাং ব্যৱসায় (Smuggling of wildlife organs) চলি আহিছে৷ গড়ৰ খৰ্গ, বাঘৰ ছাল, হাতীৰ দাঁত, বণৰীয়া গাহৰিৰ দাঁত, কেকু সাপ আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ ব্যৱসায় হয় এই চোৰাং আন্তৰাষ্ট্ৰীয় বজাৰত৷ বণ্যপ্ৰাণীৰ বাবে কাজিৰঙাৰ গাতে লাগি থকা কাৰবি আংলং (Karbi Anglong) জিলাৰ আছে এক সুকীয়া স্হান৷ জিলাখনৰ বিভিন্ন প্ৰান্তত জন সজাগতাৰ অভাবৰ বাবেই পহু আৰু বনৰীয়া গাহৰিৰ মাংস আজিও বিক্ৰী হৈ আছে৷ তদুপৰি কাৰবি আংলঙৰ মাজেৰে চোৰাং বন্যপ্ৰাণী সৰবৰাহ হৈ থাকে ৷
সেয়ে বন বিভাগৰ বিষয়া আৰু আৰক্ষী বিষয়াসকলক কোন বিলাক বন্যপ্ৰাণীৰ চোৰাং বেহা হয় আৰু আইন অনুসৰি তেনে বন্যপ্ৰাণীৰ অংগ পালে আইন অনুসৰি কি কি ব্যৱস্থা ল’ব লাগে তাৰ ওপৰত ৱৰ্ড ৱাইললাইফ ফান্ড (Word Wildlife Fund) (WWF) য়ে ডিফুত ২১ মে’ৰ পৰা তিনিদিনীয়াকৈ এক কৰ্মশালা (Three-day workshop) অনুষ্ঠিত কৰে৷
২১ আৰু ২২ মে’ত বন বিভাগৰ বিষয়াসকলক আৰু আজি জিলাখনৰ আৰক্ষী বিষয়া সকলক wwf য়ে এই সন্দৰ্ভত অৱগত কৰে৷ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু wwf ৰ প্ৰণৱ কুমাৰ বৰাই এই কৰ্মশালাই বন বিষয়া আৰু আৰক্ষী বিষয়া সকলক সহায় কৰিব বুলি আশা কৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু ৱাইল্ড লাইফ ক্ৰাইম ব্ৰুৰ বিষয়াসকলে বন্যপ্ৰাণী হত্যা আৰু ব্যৱসায়ত জড়িতসকলক কিদৰে আইন অনুসৰি শাস্তি দিব পাৰি তাৰ ব্যাখা কৰে কৰ্মশালাত৷