ASSAM TIMES POST
নিউজ ডেক্সঃ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি ঐশী ঘোষসহ ২০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷ নেত্ৰী ছাত্ৰীগৰাকীক প্ৰহাৰ কৰাৰ আগদিনা ছাৰ্ভাৰ ৰুম ভঙাৰ অভিযোগ তুলি এই গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে৷ যোৱা ৪ জানুৱাৰীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাৰ্ভাৰ ৰুম ভাঙিছিল বুলি অভিযোগত প্ৰকাশ৷ এই ঘটনাত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি ঐশী ঘোষৰ লগতে মুঠ ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিযুক্ত কৰি এফ আই আৰ দিয়া হৈছে বুলি বিশ্ববিদ্যালয়খনৰ সূত্ৰে প্ৰকাশ৷ এফ আই আৰত উল্লেখ কৰা মতে মাচুল বৃদ্ধিৰ প্ৰতিবাদ কৰাৰ সময়ত ছাৰ্ভাৰ ৰুম ভাঙি চূৰমাৰ কৰে বামপন্থী সংগঠনৰ ছাত্ৰ-ছাত্ৰীয়ে৷ লগতে বিশ্ববিদ্যালয়খনৰ গাৰ্ডকো প্ৰহাৰ কৰে বুলি অভিযোগত প্ৰকাশ৷










