জন্মৰ পৰাই তেওঁৰ হাত নাই যদিও মনত অদম্য সাহস আছিল। যাৰ বাবে তেওঁ সুদীৰ্ঘ ছয় বছৰৰ অন্তত সফলতা লাভ কৰে। কেৰালাৰ ঝিলুমোল মেৰিয়েট থমাছে লাভ কৰে ড্ৰাইভিং লাইচেন্স (Driving licence) । এই ৩২ বছৰীয়া কন্যাগৰাকীৰ অদম্য সাহসৰ উদাহৰণ সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰতে প্ৰথম। যোৱা বছৰ ঝিলুমোলে খোদ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰিছিল।
জিলুমোলে কয় যে গাড়ী চলোৱাটো তেওঁৰ শৈশৱৰ সপোন। হাত নাথাকিলেও তেওঁ চাৰিচকীয়া বাহন চলাই দূৰৈৰ গন্তব্যস্থানলৈ যোৱাৰ সপোন দেখিছিল। কিন্তু হাত দুখন যে গাড়ী চলোৱাৰ অন্যতম মৌলিক আহিলা, সেয়াই তেওঁৰ শৈশৱৰ সপোন পূৰণত বাধা দিছিল। কিন্তু তেওঁ আছিল দৃঢ় প্ৰতিজ্ঞ, হাত নহ’লেও গাড়ী চলাবই। ডাঙৰ হোৱাৰ পিছতো ঝিলুমোলে সেই যুক্তিৰেই নিজৰ সপোন পূৰণৰ বাটত বাধাৰ সৃষ্টি কৰিবলৈ নিদিলে। গাড়ী চলাই গ’ল, দুখন হাত নোহোৱাকৈয়ে।
মাৰিয়া ড্ৰাইভিং স্কুলৰ পৰা গাড়ী চলাবলৈ শিকিছিল ঝিলুমোলে। সোঁ ভৰিখন ষ্টিয়াৰিঙৰ ওপৰত ৰাখি বাওঁ ভৰিৰে গাড়ীৰ গতি নিয়ন্ত্ৰণ কৰে। ষ্টিয়াৰিং হুইলত হাত (ভৰি) পেলাই দিয়াৰ পিছত প্ৰথমে ইডুক্কি জিলাৰ আৰ টি অ’ৰ কাৰ্যালয়লৈ গৈ অনুজ্ঞাপত্ৰৰ বাবে আবেদন জনায়। আৰম্ভণিতেই বাধা আহে।
অনুজ্ঞাপত্ৰৰ আবেদন নাকচ কৰে আৰ টি অ’ বিভাগে। কিন্তু আবেদন খাৰিজ কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই কেৰালা উচ্চ ন্যায়ালয়ৰ কাষ চাপে জিলুমোলে। আদালতৰ হস্তক্ষেপৰ পিছত তেওঁ অনুজ্ঞাপত্ৰৰ বাবে পৰীক্ষা দিয়ে। কিন্তু সেই সময়তো তেওঁক গাড়ী চলাবলৈ দিয়া নহ’ল। ইয়াৰ পিছতে ঝিলুমোলে ৰাজ্যিক অক্ষমতা আয়োগৰ কাষ চাপিবলৈ বাধ্য হয়।
আয়োগে ঝিলুমোলৰ সমৰ্থনত ভাৰতৰ প্ৰথমটো অংগচ্ছেদ হোৱা বিক্ৰম অগ্নিহোত্ৰীৰ উদাহৰণ দাঙি ধৰে। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত অৱশেষত ঝিলুমোলে গাড়ী চলোৱাৰ আইনী অনুমতি লাভ কৰে। আনহাতে, এই অনুমতি লাভ কৰি তেওঁ কয়, “গতিশীলতা মোৰ আটাইতকৈ ডাঙৰ বাধা আছিল। এতিয়া ড্ৰাইভিং লাইচেন্স পাই সুখী। জীৱনৰ আটাইতকৈ ডাঙৰ বাধা অতিক্ৰম কৰিলোঁ।”