১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ (Loksabha Election) দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ বুধবাৰে সন্ধিয়া ৭ বজাত সমাপ্ত হয়। আনহাতে, ২৬ এপ্ৰিল, শুকুৰবাৰে দেশৰ ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮টা সমষ্টিত এই পৰ্যায়ৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত অসমৰ পাঁচটা সমষ্টি নগাঁও, দৰং-ওদালগুৰি, ডিফু, শিলচৰ আৰু কৰিমগঞ্জত নিৰ্বাচন অনুষ্ঠিত হ’ব।
দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগা আন ৰাজ্যসমূহৰ ভিতৰত আছে পশ্চিমবংগৰ তিনিটা সমষ্টি। আনহাতে, কেৰালাৰ ২০টা লোকসভা সমষ্টিৰ আটাইকেইটাতে ভোটদান অনুষ্ঠিত হ’ব। ইয়াৰ বাহিৰে কৰ্ণাটকত ১৪টা লোকসভা সমষ্টি, ৰাজস্থানত ১৩টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮টাকৈ, বিহাৰৰ ৫টা লোকসভা সমষ্টি এই তালিকাত আছে। লগতে ত্ৰিপুৰা আৰু কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰৰো এখনকৈ লোকসভা আসনত নিৰ্বাচন আছে।
উল্লেখযোগ্য যে হিংসাজর্জৰ মণিপুৰৰ লোকসভা আসন আউটাৰ মণিপুৰক দুটা ভাগত বিভক্ত কৰাৰ সিদ্ধান্ত লৈছে নিৰ্বাচন আয়োগে। ১৯ এপ্ৰিলত উক্ত লোকসভা সমষ্টিৰ এটা অংশত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। বাকী অংশত শুকুৰবাৰে ভোট গ্ৰহণ হ’ব। দ্বিতীয় পৰ্যায়ত মধ্যপ্ৰদেশৰ আঠটা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিএছপিৰ এজন প্ৰাৰ্থীৰ মৃত্যুৰ বাবে বেতুল সমষ্টিত তৃতীয় পৰ্যায়ত (৭ মে’) ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
উল্লেখযোগ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত এই ৮৮খন লোকসভা আসনৰ ভিতৰত ৫২খন আসনত বিজেপিয়ে জয়লাভ কৰিছিল। মাত্ৰ ১৮ টাখনত কংগ্ৰেছ আছিল। ইয়াৰ উপৰি জেডিইউ আৰু অবিভক্ত শিৱসেনাই চাৰিটাকৈ, আই ইউ এম এলৰ দুটাকৈ, বিএছপি, চিপিএম, আৰএছপি, কেৰেলা কংগ্ৰেছ, জেডিএছৰ প্ৰাৰ্থীয়ে এটাকৈ সমষ্টি লাভ কৰে। আয়োগৰ তথ্য অনুসৰি, এই পৰ্যায়ত মুঠ ১২০৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা হ’ব। ইয়াৰ ভিতৰত অন্যতম হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, শশী থাৰুৰ, লোকসভাৰ অধ্যক্ষ তথা বিজেপিৰ প্ৰাৰ্থী ওম বিৰলা।