চোৰাং ব্যৱসায়ীয়ে হীৰা, সোণ আদিৰ দৰে মূল্যৱান সামগ্ৰী সৰবৰাহ কৰিবলৈ প্ৰায়ে নতুন উপায় ব্যৱহাৰ কৰে। কিন্তু বিগত তিনিদিনত মুম্বাই বিমানবন্দৰত ধৰা পৰা চোৰাং ব্যৱসায়ীসকলৰ নতুন কৌশলত নিৰাপত্তাৰক্ষীসকলো হতবাক হৈ পৰিছে। কিছুমানে নুডলছৰ পেকেট (Packet of noodles)ত কোটি কোটি টকাৰ সোণ আৰু হীৰা চোৰাংকৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে আন কিছুমানে আকৌ নিজৰ শৰীৰত লুকাই আনিছিল। কিন্তু অৱশেষত নিৰাপত্তা ৰক্ষীৰ হাতত ধৰা পৰে।
সোমবাৰে নিশা মুম্বাইৰ পৰা বেংকক অভিমুখী যাত্ৰীৰ চুটকেছৰ পৰা সোণ আৰু হীৰাৰ বৃহৎ ভাণ্ডাৰ জব্দ কৰা বুলি মুম্বাই বিমানবন্দৰ (Mumbai Airport) কৰ্তৃপক্ষই জনায়। যাত্ৰী এজনৰ চুটকেচটো খোলাৰ পিছত নুডলছৰ কেইবাটাও পেকেট পোৱা গৈছিল। কিন্তু পেকেটকেইটা (packets) ফালি পেলোৱাত তাৰ পৰা হীৰা আৰু সোণ (Diamonds and gold) ওলাই পৰে।
শুল্ক বিষয়াসকলে জনোৱা মতে, যাত্ৰীজনৰ পৰা ৬.৮০০ কিলোগ্ৰাম সোণ উদ্ধাৰ কৰা হয়। ইয়াৰ বজাৰ মূল্য প্ৰায় চাৰে চাৰি নিযুত টকা। আনহাতে, ২ কোটি টকাতকৈও অধিক মূল্যৰ হীৰাও উদ্ধাৰ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।
আনহাতে, কলম্বোৰ পৰা মুম্বাইলৈ অহা এখন বিমানত এজন বিদেশী নাগৰিকে তেওঁৰ শৰীৰত ৩২১ গ্ৰাম সোণৰ দণ্ড লৈ ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। কিন্তু তেওঁ মুম্বাই বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত তেওঁক নিৰাপত্তাৰক্ষীয়ে ধৰা পেলায়। উল্লেখযোগ্য যে বিগত কেইদিনমানত এনে ঘটনা পোহৰলৈ অহাৰ লগে লগে বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে যে ইমান সোণ আৰু হীৰা ক’ত চোৰাং কৰা হৈছিল? এই সৰবৰাহত কোন জড়িত? আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। অনুসন্ধানকাৰী বিষয়াসকলে অভিযুক্তক জেৰা কৰি সৰবৰাহৰ ৰহস্য উন্মোচন কৰিবলৈ চেষ্টা কৰি আছে।