এইবাৰৰ লোকসভা নির্বাচনত (Loksabha Election) বিজেপিৰ প্ৰচাৰৰ মূল বিষয় আছিল ৰাম মন্দিৰৰ আবেগ। নিৰ্বাচনত ৰাম মন্দিৰৰ আবেগৰ সুবিধা লাভ কৰিবলৈ ততাতৈয়াকৈ ৰাম মন্দিৰ উদ্বোধনো কৰিছিল। লগতে প্রচাৰৰ সময়ত প্রায় নিয়মভাৱে প্রতিখন জনসভাত ৰামমন্দিৰ নির্মাণৰ জয়গান গাইছে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে।
আনহাতে, কংগ্রেছসহ বিৰোধী মঞ্চ ‘ইণ্ডিয়া’ৰ দলবোৰে ৰাম মন্দিৰ উদ্বোধন অনুষ্ঠান প্রত্যাখ্যান কৰাক লৈও তেওঁ সমালোচনা কৰিছে। কিন্তু তাৰ মাজতে ৰাজনৈতিক শিবিৰৰ বক্তব্য, দক্ষিণতো বাদেই, উত্তৰ ভাৰততো ৰাম মন্দিৰৰ আবেগৰ কোনো ঢৌ দেখা যোৱা নাই । অৱশ্যে ইয়াৰ বাবে সময়কেই দায়ী কৰা হৈছে। ৰাজনৈতিক মহলৰ মতে, নিৰ্বাচনী উত্তাপ সৃষ্টিৰ পূৰ্বেই ঠাণ্ডা হৈছে মন্দিৰৰ আবেগ। তথাপিও প্রধানমন্ত্রীয়ে তেওঁৰ বক্তৃতাত অন্তত এবাৰ হ’লেও ৰাম মন্দিৰৰ গৰিমা আৰু তাকে কেন্দ্ৰ ঘকৰি বিৰোধীৰ অৱহেলাৰ প্রসঙ্গ উল্লেখ কৰিছে।
তাৰেই প্ৰয়াস হিচাপে আলিগড়ৰ জনসভাত তেওঁ কয়, ‘‘মন্দিৰ নির্মাণত থকা সকলো বাধা আঁতৰি গ’ল, মন্দিৰ নির্মাণ আৰম্ভ হৈ শেষ হৈ গ’ল। ইয়াৰ বাবে বিৰোধীৰ নিদ্ৰা হৰণ হৈছে। তেওঁলোকৰ ইমানেই খং যে মন্দিৰ উদ্বোধনৰ নিমন্ত্রণ পত্ৰও ফালি পেলাইছে। এনেকুৱা কিয় কৰে? আমাৰ ওচৰলৈ যেতিয়া নিমন্ত্রণ পত্র আহিছিল, আমি জোতা খুলি পত্রটিখন শিৰত লৈছিলো। ইয়াক চৰম সৌভাগ্য গণ্য কৰিছো।’’কিন্তু মোডীৰ এই ৰাম মন্দিৰৰ স্তিমিত আবেগ কেনেদৰে নিৰ্বাচনী ঢৌঁলৈ পৰিৱৰ্তন হয় সেয়া আগন্তুক দিনত লক্ষণীয় হ’ব।