তেজত শৰ্কৰাৰ মাত্ৰা অত্যধিক হোৱাৰ বাবে ইনচুলিনৰ প্ৰয়োজন বুলি আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে (Kejriwal health issue) দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ কাষ চাপে। লগতে জে’লত উপযুক্ত চিকিৎসা নোপোৱাৰো অভিযোগ। আনহাতে, আপ নেতাগৰাকীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দৈনিক পৰিয়ালৰ চিকিৎসকৰ সৈতে কথা পাতিবলৈ অনুমতি প্ৰদানৰ আবেদন কৰিছিল। কিন্তু তেওঁৰ আবেদন নাকচ কৰে আদালতে। অৱশ্যে এইমছক দিল্লীৰ মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিবলৈ মেডিকেল ব’ৰ্ড গঠন কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।
উল্লেখযোগ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক যোৱা মাহৰ ২১ তাৰিখে আবকাৰী গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰে। দুবাৰকৈ ইডিৰ জিম্মাত থকাৰ পিছত আদালতৰ নিৰ্দেশত তেওঁ এতিয়া তিহাৰ কাৰাগাৰত আছে। কেজৰিৱালে আৰম্ভণিৰে পৰাই তেওঁৰ ব্লাড চুগাৰ স্তৰ অতি উচ্চ বুলি দাবী কৰি আহিছে। সেয়ে তেওঁ জে’লত ঘৰুৱা খাদ্য খাবলৈ দিব লাগে বুলিও অনুৰোধ জনায়। অৱশ্যে আদালতে এই আবেদন মানি লয়।
কিন্তু আপৰ অভিযোগ, “কেজৰিৱালক জে’লত ইনচুলিন দিয়া হোৱা নাই বুলি বাৰে বাৰে কোৱাৰ পিছতো তেওঁৰ পত্নী সুনীতায়ো একে অভিযোগ উত্থাপন কৰে।” ইয়াৰ উপৰি আপ নেত্ৰী তথা দিল্লীৰ মন্ত্ৰী আতিশী মাৰ্লেনাই দাবী কৰে যে জে’লত কেজৰিৱালক হত্যাৰ ষড়যন্ত্ৰ চলি আছে।
সোমবাৰে কেজৰিৱালৰ আবেদন খাৰিজ কৰে ন্যায়াধীশ কাবেৰী বাৱেজাই। কিন্তু তেওঁ লগতে কয়, কেজৰিৱালক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰিব লাগে। চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ আৰু অন্যান্য চিকিৎসাজনিত সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ ইনচুলিনৰ প্ৰয়োজন আছেনে নাই সেই বিষয়ে বিবেচনা কৰিবলৈ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানে (এইমছ-দিল্লী) এখন চিকিৎসা ব’ৰ্ড গঠন কৰিব লাগে।