বিগত তিনি বছৰত বংগৰ ৰাজনীতিত আটাইতকৈ চৰ্চিত বিষয়টো হৈছে নিযুক্তিৰ ‘দুৰ্নীতি’ গোচৰ (‘Corruption’ case of employment)। বিদ্যালয়সমূহত শিক্ষক আৰু অনা-শিক্ষক কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। টে’ট (প্ৰাথমিক বিদ্যালয়) আৰু এছএছচি (মাধ্যমিক, উচ্চতৰ মাধ্যমিক) দুয়োটাতে এই অভিযোগ উত্থাপন হৈছে। বৰ্তমান উচ্চতম ন্যায়ালয়ত টে’ট গোচৰৰ বিচাৰ চলি আছে। সোমবাৰে কলিকতা উচ্চ ন্যায়ালয়ে (Calcutta High Court) ঘোষণা কৰে এছএছচিৰ চাকৰি বাতিলৰ গোচৰৰ ৰায়দান (SSC’s job cancellation verdict)। ন্যায়াধীশ দেবাংশু বসাক আৰু ন্যায়াধীশ মহম্মদ শ্বাব্বৰ ৰছিদীৰ এখন বিভাগীয় বিচাৰপীঠে ইয়াৰ ৰায়দান কৰে।
কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেবাংশু বসাক আৰু ন্যায়াধীশ মহম্মদ শ্বাব্বৰ ৰছিদীৰ বিভাগীয় বিচাৰপীঠে সোমবাৰে এছএছচি গোচৰৰ ৰায়দান ঘোষণা কৰে। তাত ২০১৬ চনৰ সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হৈছে। ফলত ২৫ হাজাৰ ৭৫৩ জন লোকৰ চাকৰি বাতিল (Jobs of 25,753 people canceled) কৰা হৈছে। আদালতে কয় যে এছএছচি পেনেলৰ ম্যাদ উকলি যোৱাৰ পাছতো চাকৰি পোৱাসকলে সুতসহ দৰমহা ঘূৰাই দিব লাগিব। ইয়াৰ উপৰি বছৰি ১২ শতাংশ হাৰত সুত ভৰিব লাগিব। লগতে আদালতে চাৰি সপ্তাহৰ ভিতৰত দৰমহাৰ ঘূৰাই দিবলৈ কয়।
উল্লেখযোগ্য যে এছএছচি গোচৰৰ এই ৰায়ক লোকসভা নিৰ্বাচনৰ মাজতে ৰাজ্য চৰকাৰৰ বাবে এক ডাঙৰ আঘাত বুলি বিবেচিত হৈছে।
ইতিমধ্যে বিদ্যালয় সেৱা আয়োগৰ ৱেবছাইটত এছএছচি নিযুক্তি প্ৰক্ৰিয়াৰ বহু অ’এমআৰ শ্বীট বা উত্তৰ বহী আপলোড কৰা হৈছে। যিবোৰ এতিয়াও আপলোড কৰা হোৱা নাই, সেইবোৰ অতি সোনকালে আপলোড কৰিবলৈ আদালতে নিৰ্দেশ দিয়ে, যাতে মানুহে উত্তৰবহী চাব পাৰে। একে সময়তে আদালতে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিব বুলিও কয়। ইয়াৰ উপৰি কেন্দ্ৰীয় সংস্থাটোৱে সন্দেহযুক্ত লোকক জিম্মাত ল’ব পাৰে আৰু অতিৰিক্ত খালী পদ সৃষ্টি কৰিব বিচাৰিলে জেৰাও কৰিব পাৰে।
অৱশ্যে সকলোৰে চাকৰি বাতিল কৰা হৈছে যদিও এজনৰ চাকৰি বাকী আছে। কৰ্কট ৰোগত আক্ৰান্ত সোমা দাস নামৰ এগৰাকী চাকৰি বৰ্তী আছে। উচ্চ ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে মানৱীয় কাৰণত তেওঁৰ কৰ্মসংস্থাপন বাতিল কৰা নাই।
উল্লেখযোগ্য যে বিগত কেইবছৰমানৰ পৰা এছএছচিৰ নিযুক্তিৰ ‘দুৰ্নীতি’ গোচৰে বংগৰ ৰাজনীতিক জোকাৰি আছে। এই গোচৰত তেতিয়াৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ে প্ৰথমে নিয়োগ বন্ধ কৰাৰ নিৰ্দেশ দিছিল। উক্ত আদেশ খণ্ড বিচাৰপীঠতো মানি চলা হৈছে। ইয়াৰ পিছতে গোচৰটো উচ্চতম ন্যায়ালয়লৈ যায়। তাৰ পৰা পুনৰ গোচৰসমূহ উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা হয়। উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠক শুনানি সমাপ্ত কৰি মে’ মাহৰ ভিতৰত ৰায় ঘোষণা কৰিবলৈ কয়। চাৰে তিনি মাহৰ ভিতৰত শুনানি সমাপ্ত হয়। সোমবাৰে এই ৰায় ঘোষণা কৰে আদালতে। ন্যায়াধীশ বসাকে আদালতত পাঠ কৰে ২৮১ পৃষ্ঠাৰ ৰায়দান।