বিশ্ব দবাত ইতিহাস সৃষ্টি ভাৰতৰ। ১৭ বছৰীয়া গুকেশ ডোম্মাৰাজুৱে বিশ্ব চেম্পিয়নক (D Gukesh record in chess) প্ৰত্যাহ্বান জনোৱাৰ যোগ্যতা অৰ্জন কৰে। তেওঁ এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ আটাইতকৈ কনিষ্ঠ দবা খেলুৱৈ।
কানাডাৰ টৰণ্টোত অনুষ্ঠিত দবা টুৰ্ণামেণ্টৰ চেম্পিয়ন হোৱাৰ লগে লগে গুকেশে এই কৃতিত্ব অৰ্জন কৰে। ১৪ ৰাউণ্ডৰ প্ৰতিযোগিতাৰ পিছত গুকেশ সোমবাৰে পুৱতি নিশা ভাৰতীয় চেম্পিয়ন হয়। তেওঁ এই বছৰৰ বিশ্ব চেম্পিয়নশ্বিপত বিশ্ব চেম্পিয়ন ডিং লিৰেনক প্ৰত্যাহ্বান জনাব।
অন্তিম ৰাউণ্ডত গুকেশে আমেৰিকান গ্ৰেণ্ডমাষ্টাৰ হিকাৰু নাকামুৰাৰ সৈতে ক’লা গুটিৰে ড্ৰ কৰে। ফাবিয়ানো কোৰুয়ানা আৰু ইয়ান নেপোমনিয়াচ্চি ড্ৰ হোৱাৰ লগে লগে গুকেশক চেম্পিয়ন হ’বলৈ ড্ৰ’ৰ প্ৰয়োজন হৈছিল। গুকেশ চেম্পিয়ন হোৱাৰ পিছত টৰণ্টোৰ গ্ৰেট হলত সকলোৱে তেওঁক অভিনন্দন জনায়।
শনিবাৰে ভাৰতীয় তাৰকাগৰাকীয়ে ফ্ৰান্সৰ আলিৰেজা ফিৰৌজাক পৰাস্ত কৰে। দবা কিংবদন্তী বিশ্বনাথন আনন্দে কয়, “এই ১৭ বছৰীয়া ল’ৰাজনে কি কৰিব পাৰে কোনেও কল্পনা কৰিব নোৱাৰে। অন্তিম ৰাউণ্ডৰ ফলাফল যিয়েই নহওক, গুকেশে যি কৰে সেয়াই ভাৰতীয় দবা খেলৰ ইতিহাসত এক নতুন অধ্যায় চিহ্নিত কৰিব।”
উল্লেখযোগ্য যে গুকেশে চীনৰ লিৰেনক পৰাস্ত কৰিব পাৰিলে আটাইতকৈ কম বয়সীয়া বিশ্ব চেম্পিয়ন হ’ব। এই অভিলেখ মেগনাছ কাৰ্লচেন আৰু গেৰী কাস্পাৰোভৰ হাতত আছে। দুয়ো ২২ বছৰ বয়সত বিশ্ব চেম্পিয়ন হৈছিল।
গুকেশ বিশ্বনাথন আনন্দৰ পিছত দবা চেম্পিয়নশ্বিপ জয় কৰা দ্বিতীয়জন ভাৰতীয়। তেওঁ আনন্দৰ দবা একাডেমিৰেই এজন শিক্ষাৰ্থী। আনন্দই তেওঁক অভিনন্দন জনায়ে। এক্স-হেণ্ডেলত তেওঁ লিখিছে, “আটাইতকৈ কনিষ্ঠ প্ৰত্যাহ্বানকাৰী এতিয়া গুকেশ। অভিনন্দন। আনন্দ একাডেমীৰ সকলোৱে তোমাক লৈ গৌৰৱান্বিত। ব্যক্তিগতভাৱে তেওঁ কঠিন পৰিস্থিতিৰ সৈতে যিধৰণে মোকাবিলা কৰিছে তাৰ বাবে মই অত্যন্ত গৌৰৱান্বিত। মুহূৰ্তটো উপভোগ কৰা।”
আনহাতে, খিতাপ জয় কৰাৰ পিছত গুকেশে কয়, “ভাল লাগিছে, সকাহ অনুভৱ হৈছে। মই কোৰুয়ানা আৰু নেপমোনিয়াচ্চিৰ খেল চাই আছিলো। তাৰ পিছত মই মোৰ দ্বিতীয় গ্ৰেগৰ গাজেভস্কিৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈছিলো। এইটোৱে যথেষ্ট সহায় কৰিছিল।”
উল্লেখযোগ্য যে গুকেশে এই দবা চেম্পিয়নশ্বিপ জিকাৰ বাবে ৮৮,৫০০ ইউৰো (প্ৰায় ৭৮.৫০ লাখ টকা) পুৰস্কাৰ লাভ কৰিছে।