প্ৰথমে প্ৰেমিকৰ লগত মিলি স্বামীক হত্যা। তাৰ পিছতে মৃত স্বামীক চিকিৎসালয়লৈ লৈ যায় এগৰাকী মহিলাই। এই ঘটনাত অভিযুক্ত মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তই ঘটনাটোৰ এনেদৰে ব্যৱস্থা কৰিছিল যে সেয়া দুৰ্ঘটনা যেন লাগে।
জম্মুৰ (Jammu Murder) ভাদেৰৱাহত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ৭ এপ্ৰিলত স্বামী নৰেশ চন্দ্ৰক পত্নী শাল্লু দেৱীয়ে গান্ধীনগৰ চিকিৎসালয়লৈ লৈ গৈছিল। তেওঁৰ স্বামীৰ দুৰ্ঘটনাত হোৱা বুলি চিকিৎসকক জনায়। চিকিৎসকে নৰেশক পৰীক্ষা কৰি তেওঁৰ মৃত্যু হোৱা বুলি কয়। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। শ্বাল্লুৰ বক্তব্যও লিপিবদ্ধ কৰা হয়।
কিন্তু আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি কিছু তথ্য উদ্ধাৰ কৰে, যিবোৰ শ্বাল্লুৰ বক্তব্যৰ সৈতে মিল নাছিল। ইয়াৰ পিছতে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধা-পোছা কৰে। জেৰাৰ সময়ত স্বামীক হত্যা কৰা বুলি স্বীকাৰ কৰে শাল্লুই। এগৰাকী তদন্তকাৰী আৰক্ষী বিষয়াই জনোৱা মতে, মহিলাগৰাকীয়ে স্বামীক হত্যা কৰা বুলি স্বীকাৰ কৰিছে। একে সময়তে তেওঁ এই হত্যাকাণ্ডৰ ষড়যন্ত্ৰত তেওঁৰ প্ৰেমিক জড়িত বুলিও স্বীকাৰ কৰে। অভিযুক্ত মহিলাগৰাকীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভানু সিং নামৰ এজন ব্যক্তিক।
ভানু গান্ধীনগৰ চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মী বুলি আৰক্ষীয়ে জানিব পাৰে। ভানু আৰু শাল্লুৱে নৰেশক গাঁৱৰ এটা পৰিত্যক্ত ঘৰলৈ লৈ গৈ হত্যা কৰে। ইয়াৰ পিছত তেওঁলোকে তেওঁক চিকিৎসালয়লৈ লৈ যায়। অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও এই হত্যাকাণ্ডৰ আঁৰত আন কোনো লোক জড়িত আছে নেকি সেই বিষয়ে জানিবলৈও চেষ্টা চলাইছে আৰক্ষীয়ে।