অৰবিন্দ কেজৰিৱালৰ (Arvind Kejriwal) চুগাৰ-বিতৰ্কই পুনৰ মূৰ দাঙি উঠিছে। দেওবাৰে আম আদমী পাৰ্টিয়ে দাবী কৰে যে দিল্লীৰ মুখ্যমন্ত্ৰীৰ চুগাৰৰ মাত্ৰা (তেজত শৰ্কৰাৰ মাত্ৰা) ৩০০ অতিক্ৰম কৰিছে। যাৰ বাবে দেওবাৰে দিল্লীৰ তিহাৰ জে’লৰ সন্মুখত হাতত ইনচুলিন লৈ প্ৰতিবাদত যোগদান কৰে আপৰ নেতা-কৰ্মীয়ে।
উল্লেখযোগ্য যে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়মিতভাৱে পৰীক্ষা কৰিব লাগে বুলি অনুৰোধ জনাই আম আদমী পাৰ্টিৰ মুৰব্বী কেজৰিৱালে দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ কাষ চাপিছিল। লগতে তেওঁক চিকিৎসকৰ পৰামৰ্শ লোৱাৰ সুযোগ দিয়াৰ বাবে অনুৰোধ জনায়।
বৃহস্পতিবাৰে একেটা গোচৰৰ শুনানিৰ সময়ত ইডিৰ বিশেষ অধিবক্তা জোহেব হোছেইনে কয় যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে জে’লত অধিক মিঠাই আৰু আম খাই ব্লাড চুগাৰ বৃদ্ধি কৰিছে। ইডিয়ে লগতে দাবী কৰে যে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কেজৰিৱালে তেজৰ শৰ্কৰাৰ মাত্ৰা উঠা-নমা কৰা দেখুৱাই জামিন লাভ কৰিব বিচাৰে।
কিন্তু আপৰ নেতা তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশী মাৰ্লেনাই দেওবাৰে দাবী কৰে যে কেজৰিৱালৰ চুগাৰৰ মাত্ৰা ৩০০ অতিক্ৰম কৰিছে। যদি কোনো ব্যক্তিৰ চুগাৰৰ মাত্ৰা ৩০০ তকৈ অধিক হয় তেন্তে ইয়াক যথেষ্ট বিপদজনক বুলি গণ্য কৰা হয়।
দেওবাৰে আতিশিয়ে কয়, “কেজৰিৱাল বিগত ২০ দিনধৰি জে’লত আছে। তেওঁ ৩০ বছৰ ধৰি ডায়েবেটিছ ৰোগী। তেওঁৰ চুগাৰৰ মাত্ৰা ৩০০ৰ ওপৰত। আপোনালোকে বিশ্বৰ যিকোনো ডাক্তৰক সুধিলে ক’ব যে এই পৰিস্থিতিত ইনচুলিন অবিহনে চুগাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰি।” আতিশীয়ে লগতে কয়, “তিহাৰ কৰ্তৃপক্ষই বিজেপিৰ নিৰ্দেশত ইনচুলিন দিয়া নাই। এনে বৰ্বৰতা ইংৰাজেও প্ৰদৰ্শন নকৰিলেহেঁতেন।”
আপ আৰু কেজৰিৱালক ইনচুলিন ব্যৱহাৰ কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ কৰাৰ সময়ত তিহাৰ জে’ল কৰ্তৃপক্ষই দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনালৈ মেডিকেল ৰিপোৰ্ট প্ৰেৰণ কৰে। প্ৰতিবেদনত দাবী কৰা হৈছে যে যোৱা ১০ আৰু ১৫ এপ্ৰিলত এজন বিশেষজ্ঞই দিল্লীৰ মুখ্যমন্ত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰিছিল।
একেজন বিশেষজ্ঞই মধুমেহ ৰোগী কেজৰিৱালক ইনচুলিনৰ সলনি খোৱা ঔষধ দিব লাগে বুলি পৰামৰ্শ দিয়ে। আপে অৱশ্যে দাবী কৰিছে যে কেজৰিৱালক চুগাৰৰ মাত্ৰা হ্ৰাস কৰিবলৈ ঔষধ নহয়, ইনচুলিনৰ প্ৰয়োজন। কিন্তু দিল্লীৰ মুখ্যমন্ত্ৰীক সেই ইনচুলিন ব্যৱহাৰ কৰাত বাধা দিয়া হৈছে।