শনিবাৰে সন্ধিয়া বোকাজান (Bokajan) মহকুমাৰ খটখটীত কাৰা গাঁৱত (In Kara village in Khatkhati) আৰক্ষীৰ নাকা তালাচীত (Police search naka) বুজন পৰিমাণৰ সন্দেহযুক্ত, হেৰইনসহ দুজন সৰবৰাহকাৰীক আৰক্ষীয়ে আটক (Police detain two traffickers, including heroin) কৰিবলৈ সক্ষম হয়।
প্রাপ্ত খবৰ অনুসৰি কাৰাগাঁওঁ পহৰা চকীৰ ওচৰত খটখটী থানাৰ অচি ৰমেন বৰদলৈৰ নেতৃত্বত এছ আই স্বমধন স্বর্গীয়াৰী, দীপক লাহন, এ আছ আই পংকজ শইকীয়া, কামাণ্ড বাহিনী আৰু ষ্টাফৰ সহযোগত নাকা চলাই থকাৰ সময়তে খটখটী দিশৰ পৰা কাৰা গাৱত আহি থকা AS-01-BX 3933 নম্বৰৰ এনফিল্ড মটৰ চাইকেলত তালাচী চলাই লাহৰিজান ছানডে মার্কেট নিবাসী ফিলিপ বসুমতাৰী আৰু কিৰকিচানু কেৰেটচু নামৰ দুই সৰবৰাহকাৰীক দুটা চাবোনৰ বাকচত ভৰাই অনা ২৩.৯৫০ গ্ৰাম সন্দেহজনক হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
হেৰইনখিনি নিৰপেক্ষ সাক্ষীৰ সাক্ষাতে জব্দ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷