অৱশেষত ভূমিপুত্ৰ নহ’লেও কোনো লোকে ভোটাধিকাৰ বা প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা লাভ কৰিছে জম্মু-কাশ্মীৰত (Jammu and Kashmir)। ২০১৯ চনৰ ৫ আগষ্টত নৰেন্দ্ৰ মোডী চৰকাৰে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছতে লাভ কৰে বিশেষ অধিকাৰ। এই আইন পৰিৱৰ্তনক আহিলা হিচাপে ব্যৱহাৰ কৰি এইবাৰ কাশ্মীৰ উপত্যকাত দেখা গ’ল লোকসভা নিৰ্বাচনত প্ৰথগৰাকী ‘বাহিৰৰ’ প্ৰাৰ্থী।
পঞ্জাৱৰ মোহালী নিবাসী বলদেৱ কুমাৰে (Baldev Kumar, a resident of Mohali) শনিবাৰে অনন্তনাগ-ৰাজৌৰী লোকসভা সমষ্টিৰ (Anantnag-Rajouri Lok Sabha constituency) নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল (Filing of nomination as an independent candidate) কৰে। কাশ্মীৰৰ ইতিহাসৰ প্ৰথমজন অনাবাসী (The first non-resident) হিচাপে তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে। মূলত মোহালীৰ নয়াগাঁও অঞ্চলৰ বাসিন্দা তেওঁ বৰ্তমান কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰত বাস কৰে।
৩৭০ অনুচ্ছেদ বাতিলৰ পিছত নিৰ্বাচন আয়োগে কয় যে ৰাজ্যৰ বাহিৰৰ পৰা আহি জম্মু-কাশ্মীৰত বসবাস কৰা লোকসকলেও বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ লাভ কৰিব। ফলত নতুন ভোটাৰ তালিকাত সংযোজন হৈছে লাখ লাখ নাম। জম্মু-কাশ্মীৰৰ বিশেষ অধিকাৰ ‘বাতিল’ নহ’লে এনেদৰে লাখ লাখ লোকে কেতিয়াও ভোটাধিকাৰ নাপালেহেঁতেন৷ আনকি বলদেৱৰ দৰে ‘বাহিৰৰ’ লোকে প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ নাপালেহেঁতেন।
আনহাতে, মনোনয়ন দাখিল কৰাৰ পাছত সংবাদ সংস্থা পিটিআইৰ আগত বলদেৱে কয়, “২০১৪ চনৰ বানপানীৰ পিছৰে পৰা মই কাশ্মীৰৰ জনসাধাৰণৰ বাবে কাম কৰি আহিছো। বছৰৰ বেছিভাগ সময় ইয়াতেই কটাও। জম্মু-কাশ্মীৰৰ বহু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ পৃষ্ঠপোষকতা কৰো। কাশ্মীৰৰ পৰা পঞ্জাৱলৈ চিকিৎসা পৰীক্ষা আৰু চিকিৎসাৰ বাবে যোৱা ৰোগীসকলৰ বাবে মই এটা ভবন নিৰ্মাণ কৰিছো, যাতে তেওঁলোকে তাত থাকিব পাৰে।” জম্মু কাশ্মীৰৰ জনসাধাৰণৰ দাবী মানিয়েই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে বুলি দাবী কৰে এটা স্বেচ্ছাসেৱী সংগঠনৰ কৰ্ণধাৰ বলদেৱে।