প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথোঁ আৰু দুটা দিন বাকী। আনহাতে, আজি সন্ধিয়া অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)। তাৰ পূৰ্বে উজনি অসমত সংঘটিত হৈছে কূটাঘাতমূলক কাৰ্য।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। অসম ৰাইফলছৰ বাহনত আক্ৰমণ কৰে সন্দেহযুক্ত উগ্ৰপন্থীয়ে। মাৰ্ঘেৰিটাৰ চাংলাং পথৰ নামদাঙৰ পাহাৰীয়া পথত পুৱা প্ৰায় ৮ বজাত সংঘটিত হয় এই ভয়ংকৰ আক্ৰমণৰ ঘটনা৷ অৱশ্যে এই ঘটনাৰ পিছতে আলফা স্বাধীনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।
উল্লেখযোগ্য যে এই আক্ৰমণৰ ঘটনাত দুটাকৈ গ্ৰেণেডৰো বিস্ফোৰণ হয়। আনহাতে, অসম ৰাইফলছৰ জোৱান আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হোৱা বুলিও জানিব পৰা গৈছে। এই আক্ৰমণত অসম ৰাইফলছৰ এগৰাকী জোৱান আঘাতপ্ৰাপ্ত হয়। আনহাতে, ভাৰতীয় সেনাৰ লেফ্টনেন্ট কৰ্ণেল মহেশ ৰাৱাতে জনোৱা অনুসৰি, আঘাতপ্ৰাপ্ত জোৱানজনক যোৰহাট সেনা হস্পিটেললৈ স্থানান্তৰ কৰা হৈছে। তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলিও জনাইছে।
এই ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে সেনাবাহিনীৰ হেলিকপ্টাৰ ততাতৈয়াকৈ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ উপৰি সেনা আৰু অসম ৰাইফলছে অঞ্চলটোত অভিযান আৰম্ভ কৰিছে। লগতে সমগ্র অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷
ইফালে এই ঘটনাৰ কেইঘণ্টামানৰ ভিতৰত আলফাই (স্বাধীন) দায়িত্ব স্বীকাৰ কৰি জাৰি কৰে প্ৰেছ বিজ্ঞপ্তি। আলফা (স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে এই আক্ৰমণ প্ৰতিশোধমূলক বুলি দাবী কৰিছে।